কঠীয়াতলী প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত অনুষ্ঠিত হয় "স্বাস্থ্য উৎসৱ ২০২৩"...

ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ উন্নয়নৰ বাবে ছয়ৰ পৰা আঠ এপ্ৰিললৈ অসমৰ স্বাস্থ্য বিভাগে অনুস্থিত কৰিছে স্বাস্থ্য উৎসৱ । স্বাস্থ্য উৎসৱ ২০২৩ বৃহস্পতিবাৰে নগাঁও জিলাৰ কঠীয়াতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত অনুষ্ঠিত হ’য়

author-image
Asomiya Pratidin
New Update
কঠীয়াতলী প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত অনুষ্ঠিত  হয় "স্বাস্থ্য উৎসৱ ২০২৩"...

স্বাস্থ্য উৎসৱ

ডিজিটেল সংবাদ, নগাঁওঃ ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ উন্নয়নৰ বাবে ছয়ৰ পৰা আঠ এপ্ৰিললৈ অসমৰ স্বাস্থ্য বিভাগে অনুস্থিত কৰিছে স্বাস্থ্য উৎসৱ । স্বাস্থ্য উৎসৱ ২০২৩ বৃহস্পতিবাৰে নগাঁও জিলাৰ কঠীয়াতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত অনুষ্ঠিত হ’য় ।

Advertisment
কঠীয়াতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ
কঠীয়াতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ

এই উপলক্ষে আজি চিকিৎসালয়খনত পৰ্যবেক্ষক হিচাবে উপস্থিত থাকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক ড০ চায়ন্তুন দাস । লগতে আৰু নগাঁও জিলাৰ জলসিঞ্চন বিভাগৰ কাৰ্যবাহী অভিযন্ত্ৰা হেমন্তু কুমাৰ বৰা আৰু কঠীয়াতলীৰ মহকুমা স্বাস্থ্য বিষয়া ড০ ৰমেন বেজবৰুৱা ।

পৰ্যবেক্ষকৰ দল
পৰ্যবেক্ষকৰ দল

উল্লেখ্য যে শেহতীয়াকৈ ৰাজ্য চৰকাৰে গুণোৎসৱৰ দৰে চিকিৎসাৰ ক্ষেত্ৰতো স্বাস্থ্য কেন্দ্ৰসমূহত স্বাস্থ্য উৎসৱ পালনৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল । যাৰ দ্বাৰা ৰাজ্যৰ স্বাস্থ্য কেন্দ্ৰসমূহৰ মান নিৰূপন কৰাৰ ক্ষেত্ৰত সহায়ক হ’ব ।

Also Read: বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ সাম্প্ৰদায়িক মন্তব্যৰ বিৰুদ্ধে জুৰীয়া থানাত এজাহাৰ দাখিল...

"SwasthyaSewaUtsav2023