Advertisment

আপোন গাঁওখনলৈ আৰু ঘূৰি নাহে সূৰ্য দাস...

আপোন গাঁওখনলৈ ঘূৰি নহাৰ বাঁটৰে গ'লগৈ নিশাৰী পাৰৰ শিল্পী 'সূৰ্য দা'। 'গণ শিল্পী' সূৰ্য দাস আৰু কেতিয়াও নিজ জন্ম গাঁও তেতঁলীসৰাৰ বৰনামঘৰত ভাদ মাহত শৰাই দিবলৈ নাহে। নাহে কেতিয়াও ৰঙালী বিহুত নিশাৰী নৈ গা ধুৱাই গাঁৱৰ ডেকা গাভৰুৰ লগত বিহু মাৰিবলৈ।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
আপোন গাঁওখনলৈ আৰু ঘুৰি নাহে সূৰ্য দাস...

আপোন গাঁওখনলৈ আৰু ঘুৰি নাহে সূৰ্য দাস...

ডিজিটেল সংবাদ, কামপুৰঃ আপোন গাঁওখনলৈ ঘূৰি নহাৰ বাঁটৰে গ'লগৈ নিশাৰী পাৰৰ শিল্পী 'সূৰ্য দা'। 'গণ শিল্পী' সূৰ্য দাস আৰু কেতিয়াও নিজ জন্ম গাঁও তেতঁলীসৰাৰ বৰনামঘৰত ভাদ মাহত শৰাই দিবলৈ নাহে। নাহে কেতিয়াও ৰঙালী বিহুত নিশাৰী নৈ গা ধুৱাই গাঁৱৰ ডেকা গাভৰুৰ লগত বিহু মাৰিবলৈ।

Advertisment

একেবাৰে গ'লগৈ তেওঁ। আজি কামপুৰৰ সুযোগ্য সন্তান অসম গৌৰৱ গণশিল্পী সূৰ্য দাসৰ মৃত্যুত সমগ্ৰ অসমৰ লগতে জন্মভূমি কামপুৰ অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে। ''মানুহ দেখিছো আজি বহুত মানুহ" এই কালজয়ী গীতৰ মাজেৰে ৰাইজৰ মাজত বিশেষভাৱে পৰিচয় লাভ কৰা শিল্পী সূৰ্য দাসে স্বদেশ জাতিটোৰ বাবে গানৰ মাজেৰে ৰাইজক সচকিত কৰি তোলাৰ লগতে নিপীড়িত ৰাইজৰ পক্ষত থাকি দেশখনৰ প্ৰতি থকা দায়বদ্ধতাক সদায় মান্যতা দি আহিছিল।

 শিল্পী সূৰ্য দাসৰ জন্ম হৈছিল ১৯৪০ চনৰ শাওন মাহৰ ১৫ তাৰিখে কামপুৰৰ তেতেলীসৰাত। তেওঁৰ পিতৃৰ নাম আছিল জীয়ুৰাম দাস আৰু মাতৃৰ নাম আছিল পোনেশ্বৰী দাস। নিশাৰীপৰীয়া সূৰ্য দাসে তেতেলীসৰা আদৰ্শ প্ৰাথমিক বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰাৰ পিছতে নগাঁৱত থাকিবলৈ লোৱাত শিক্ষাৰ সমান্তৰালকৈ গীত-মাতৰ স্পৃহাৰ তাড়নাত সেই সময়ৰ নগাঁৱৰ সুশীল বেনাৰ্জী, তাৰিকুদ্দিন আহমেদ, বিবেকানন্দ ভট্টাচাৰ্য আদি লোকসকলৰ ওচৰত সংগীতৰ আদিপাঠ গ্ৰহণ কৰিছিল।

১৯৫৭ চনত লামডিঙৰ এখন সাংস্কৃতিক মঞ্চত গীত শুনি ড০ ভূপেন হাজৰিকাই তেওঁক কৈছিল -"মই বাপুক অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ৰাইজৰ মাজত লৈ ফুৰিম"। সেই মৰ্মে সুধাকণ্ঠই সূৰ্য দাসক কলিকতালৈ লৈ গৈছিল সংগীত সাধনাৰ জগত খনলৈ।

কলাগুৰু বিষ্ণুৰাভা, নটসূৰ্য ফনী শৰ্মা, শোণিত কোঁৱৰ গজেন বৰুৱা আদি মহান শিল্পীসকলৰ সৈতে মধুৰ সম্পৰ্ক থকা সূৰ্য দাসে সংগীতৰ পথাৰত দৌৰা-ঢাপৰা কৰি ফুৰিলেও ১৯৫৯ চনত কলিকতাৰ পৰা ঘূৰি আহি গুৱাহাটীৰ বি বৰুৱা কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল ।

উল্লেখ্য যে ১৯৭৯ চনৰ বিদেশী বহিষ্কাৰ আন্দোলনৰ অস্তিত্বৰ সংকটৰ প্ৰশ্নত তেওঁ সংগীতৰ মাজেৰে জনগণৰ মাজলৈ বেছিকৈ সোমাই গৈ আন্দোলনটোত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল। জলসিঞ্চন বিভাগৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছতো মৃত্যুৰ আগমুহূৰ্তলৈকে স্বদেশ প্রেমৰ গীতেৰে সকলোকে মোহিত কৰি গৈছিল। 

গণশিল্পীগৰাকীৰ বহু গীতৰ ভিতৰত উল্লেখযোগ্য গীত মূহ হ'ল "গুম গুম গাম গাম ষ্টোৰ চেইৰপাম/চেইপামে পাইপ গঢ়ে", "এই কলঙৰ পাৰে, এই কলঙৰ ঘাটে", "তাহানি আছিল গোপীনাথ আৰু অম্বিকা", ''আমাৰে মইনা ডাঙৰ হৈ লুইতত সাতুৰিব", "আকৌ আহিম মই আকৌ আহিম", "এবাৰ গুলী খালে দুবাৰ আহিম", "চকুৰ পানীৰে স্বাধীনতা নাহে, মুক্তিৰ পতাকাই তাকেই কলে" আদি। শিল্পীগৰাকীৰ প্ৰতি সন্মান জনাই কামপুৰ বিভিন্ন দল সংগঠনে বিভিন্ন সময়ত বিভিন্ন বঁটা তথা সম্বৰ্ধনা জনাইছিল।

আৰোহন নামৰ সংস্থাটোৱে "কপিলী উপত্যকা বঁটা" ;তেঁতেলীসৰা আঞ্চলিক বিহু সন্মিলনীয়ে "নিশাৰী বঁটা" আৰু শেহতীয়াভাৱে অনুসূচীত জাতি মানচিত্ৰই "বাহু কৈৱৰ্ত বঁটাৰে সন্মানিত কৰে। গণ শিল্পী গৰাকীৰ মৃত্যুত নগাঁও জিলা সাহিত্য সভা, কামপুৰ আঞ্চলিক  শাখা সাহিত্য সভা, কামপুৰৰ যুৱ সমাজ, কৃষক মুক্তি সংগ্ৰাম সমিতি, বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী,ৰহা সমষ্টিৰ বিধায়ক শশী কান্ত দাস,তেঁতেলীসৰাৰ টুৱেভষ্টাৰ ক্লাৱ, তেঁতেলীসৰা আঞ্চলিক বিহু সমিতি আদিয়ে গভীৰ শোঁক প্ৰকাশ কৰিছে।

কামপুৰ সূৰ্য দাস