একল অভিযান, আগৰৱাল সভা আৰু শ্ৰী হৰি সৎসঙ্গ সমিতিৰ উদ্যোগত শ্ৰীমদ্ভাগৱত কথা...

একল অভিযান, আগৰৱাল সভা আৰু শ্ৰী হৰি সৎসঙ্গ সমিতিৰ উদ্যোগত শ্ৰীমদ্ভাগৱত কথা...

author-image
Asomiya Pratidin
New Update
একল অভিযান, আগৰৱাল সভা আৰু শ্ৰী হৰি সৎসঙ্গ সমিতিৰ উদ্যোগত শ্ৰীমদ্ভাগৱত কথা...

একল অভিযান, আগৰৱাল সভা আৰু শ্ৰী হৰি সৎসঙ্গ সমিতিৰ উদ্যোগত শ্ৰীমদ্ভাগৱত কথা...

ডিজিটেল সংবাদ বটদ্ৰৱাঃ একল অভিযান নগাঁও অঞ্চল, আগৰৱাল সভা নগাঁও আৰু শ্ৰী হৰি সৎসঙ্গ সমিতিৰ উদ্যোগত তথা বনবন্ধু পৰিষদ আৰু একল অভিযান নগাঁৱৰ মহিলা সমিতিৰ সহযোগত যোৱা ২৩ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা শ্ৰীমদ্ভাগৱত কথাৰ আজি সমাপন সমাৰোহ অনুষ্ঠিত হয়। যোৱা ২৩ ফেব্ৰুৱাৰীত অনুষ্ঠিত শ্ৰীমদ্ভাগৱত কথাৰ উদ্ঘাটন সমাৰোহৰ আৰম্ভণিতে একল অভিযান নগাঁও অঞ্চলৰ অধ্যক্ষ ৰাধাৰমণ খাটুৱালাই আৰম্ভণিৰ ভাষণ প্ৰদান কৰে।

Advertisment

বনবন্ধু পৰিষদৰ ৰাষ্ট্ৰীয় উপাধ্যক্ষ অৰুণ বাজাজ, গুৱাহাটী গোশালাৰ অধ্যক্ষ কৈলাশ লোহিয়া, নগাঁৱৰ প্ৰাক্তন বিধায়ক গিৰিন বৰুৱাকে প্ৰমুখ্য কৰি নগাঁও জিলাৰ বিভিন্ন স্থানৰ শ্ৰদ্ধালু, ৰাইজৰ উপস্থিতিত অনুষ্ঠিত উদ্ঘাটন সমাৰোহত জনপ্ৰিয় শ্ৰীমদ্ভাগৱত ব্যখ্যাকাৰী প্ৰিয়া চন্দাই ভাগৱত কথাৰ প্ৰবচন আগবঢ়াই। নগাঁও চহৰৰ নামঘৰ পথত অৱস্থিত মহাৰাজা আগ্ৰাসেন ভৱনত অনুষ্ঠিত তিনিদিনীয়া শ্ৰীমদ্ভাগৱত কথাৰ আজি সমাপন কাৰ্যসূচীৰ সম্পন্ন হয়।

যজ্ঞ, বিষৰ্জন আদি বিভিন্ন কাৰ্য্যসূচীৰ মাজেৰ অনুষ্ঠিত ভাগৱত সামৰণিত একল অভিযান নগাঁও অঞ্চলৰ সম্পাদক ললিত কোঠাৰী, ঔম প্ৰকাশ জাজোদীয়া, অৰুন নাগাৰকা, বিজয় কুমাৰ মঙ্গলুনিয়া, একল অভিযান নগাঁও অঞ্চলৰ মহিলা সমিতিৰ অধ্যক্ষা প্ৰেম ট্ৰিবিৱাল, চৰিতা আগৰৱালা, একল অভিযানৰ মধ্য অসম ভাগৰ অভিযান প্ৰমুখ ৰাজেন তাতী, নগাঁও অঞ্চলৰ অভিযান প্ৰমুখ অতুল মহানন্দ, শিক্ষা প্ৰমুখ লখিমী দেউৰী, কাৰ্যালয় প্ৰমুখ পোনাৰম গঞ্জুকে আদি কৰি শতাধিক লোক উপস্থিত থাকে।

Also Read: এপিপিএছচিৰ পৰীক্ষা নিয়ন্ত্ৰকৰ ৰহস্যজনক মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি...

শ্ৰীমদ্ভাগৱত কথা