“শ্ৰীশ্ৰী অনন্ত মহাপ্ৰভু নামঘৰ”ৰ ১৯৭ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ আয়োজন

“শ্ৰীশ্ৰী অনন্ত মহাপ্ৰভু নামঘৰ”ৰ ১৯৭ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ আয়োজন

ডিজিটেল সংবাদ,নগাঁও : নগাঁও জিলাৰ এটি অতি পুৰনি নামঘৰ টাউন-মৰিকলং “শ্ৰীশ্ৰী অনন্ত মহাপ্ৰভু নামঘৰ”৷ ১৮২৬ চনতে কেইগৰাকীমান ধাৰ্ম্মিক তথা সংস্কৃতিৱান লোকৰ একান্ত প্ৰচেষ্টাত প্ৰতিষ্ঠা লাভ কৰা ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অৱস্থিত টাউন-মৰিকলং “শ্ৰীশ্ৰী অনন্ত মহাপ্ৰভু নামঘৰ”টিৰ ১৯৭ সংখ্যক প্ৰতিষ্ঠা দিৱস অহা ৩ আৰু ৪ নৱেম্বৰত দুদিনীয়া বৰ্ণাধ্য কাৰ্য্যসূচীৰে উদযাপনৰ সকলো প্ৰকাৰৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে ৷

কাৰ্যসূচী অনুসৰি প্ৰথমদিনা ৩ নৱেম্বৰৰ পুৱা ৭:৩০ বজাত নামঘৰৰ প্ৰাংগনত ধৰ্ম্মধ্বজা উত্তোলন কৰিব নামঘৰ পৰিচালনা সমিতিৰ সভাপতি ধৰনী শইকীয়াই। ইয়াৰ পাছতে টাউন মৰিকলং বাসী ৰাইজ-আইমাতৃ,যুৱক-যুৱতী সকলৰ দ্বাৰা ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথেৰে তথা সমূহ গাঁওবাসীৰ পদুলীয়ে- পদুলীয়ে উলোবা হব থিয়নামৰ শোভাযাত্ৰা ৷ দুপৰীয়া ১ বজাৰ পৰা গাঁৱৰ ভকত-বৈষ্ণৱ,আইমাতৃ সকলৰ দ্বাৰা পৰিৱেশীত হ'ব নাম-প্ৰসংগ। ইয়াৰ পাছতে ভাদমাহৰ পৰা চলিথকা ভাগৱত পাঠৰ সামৰণি ও প্ৰসাদ বিতৰণৰ অন্তত বৃহত্তৰ টাউন-মৰিকলং অঞ্চলৰ সমাজ জীৱনৰ লগত উতঃপুতঃ ভাৱে জড়িত কেইৱাগৰাকীও বয়োজ্যেষ্ঠ ব্যক্তিক সম্বৰ্দ্ধনা জনোৱাৰ পিছতে সন্ধিয়া নামঘৰ প্ৰাংগণত বন্তি প্ৰজ্বলনৰ অন্তত ১৯৭ সংখ্যাক প্ৰতিষ্ঠা দিৱসৰ প্ৰথমদিনাৰ কাৰ্যসূচীৰ সফল সামৰণি পৰিব৷

দ্বিতীয় দিনা অৰ্থাৎ ৪ নৱেম্বৰৰ পুৱা ৭ বজাত টাউন মৰিকলংৰ গায়ন-বায়নৰ যুৱকসকলৰ দ্বাৰা পৰিৱেশিত হ'ব খোল-প্ৰসংগ (গানিকা পৰ্ব) । দিনৰ ১১বজাত নাম-প্ৰসংগ পৰিৱেশনৰ অন্তত সন্ধিয়া ৬ বজাৰ পৰা আৰম্ভ হ'ব অঙ্কীয়া ভাওঁনাৰ গায়ন-বায়নৰ জোৰা ৷ ইয়াৰ লগেলগে টাউন-মৰিকলংৰ উদীয়মান শিশু শিল্পী তথা যুৱক-যুৱতী সকলৰ দ্বাৰা পৰিৱেশিত হ'ব জগত গুৰু জনাৰ অৰ্পূৱ সৃষ্টি অঙ্কীয়া ভাওঁনা কৰ্ণপৰ্ব নাট৷

এই দুয়োটা দিনৰে সমূহ কাৰ্যসূচীতে ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি তথা দিহা পৰামৰ্শ একান্তভাৱে কামনা কৰিছে টাউন মৰিকলং শ্ৰীশ্ৰী অনন্ত মহাপ্ৰভু নামঘৰ পৰিচালনা সমিতিয়ে ৷ উল্লেখ্য যে, সুৰ্দীঘ বছৰ ধৰি টাউন- মৰিকলং শ্ৰীশ্ৰী অনন্ত মহাপ্ৰভু নামঘৰটিৰ ১৫৫ ঘৰ লোকৰে একোটা বৃহৎ পৰিয়াল ৰূপে সুন্দৰ ৰূপত তথা এখন সুন্দৰ পৰিচালনা সমিতিৰ তত্বাৱধানত নামঘৰটো পৰিচালিত হৈ আহিছে ৷ স্মতৰ্ৱ্য এই যে, অহা ২০২৬ চনত আৰু ঠিক ৩টা বছৰৰ পাছতে টাউন মৰিকলং শ্ৰীশ্ৰী অনন্ত মহাপ্ৰভু নামঘৰটিয়ে গৌৰৱোজ্বল ২০০ বছৰত পৰ্দাপৰ্ণ কৰিব ৷

“শ্ৰীশ্ৰী অনন্ত মহাপ্ৰভু নামঘৰ”ৰ ১৯৭ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ আয়োজন
চিলাপথাৰৰ ২ শিক্ষানুষ্ঠানৰ ৰূপালী জয়ন্তী‌ সমাৰোহৰ আয়োজন

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in