অসম গোৰ্খা সন্মিলনৰ নগাঁও জিলা সমিতিৰ বিশেষ অভিনন্দন অনুষ্ঠান

অসম গোৰ্খা সন্মিলনৰ নগাঁও জিলা সমিতিৰ বিশেষ অভিনন্দন অনুষ্ঠান

author-image
Asomiya Pratidin
New Update
অসম গোৰ্খা সন্মিলনৰ নগাঁও জিলা সমিতিৰ বিশেষ অভিনন্দন অনুষ্ঠান

ডিজিটেল সংবাদ,ৰহা : অসম গোৰ্খা সন্মিলনৰ নগাঁও জিলা সমিতিৰ বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰা হয়। সমিতিৰসৰিয়হতলি শাখাৰ উদ্যোগত আৰু হাটবৰ, শিলভেটা, নকুচি শাখাৰ সহযোগত ৰহাৰ সৰিয়হতলিত এই বিশেষ অভিনন্দন অনুষ্ঠানটিৰ আয়োজন হয়।

উক্ত অনুষ্ঠানত নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক প্ৰেৰণা আৰু উৎসাহ প্ৰদানৰ উদ্দেশ্যে সম্বৰ্ধনা জ্ঞাপন কৰা হয় । উদ্যোক্তাসকলে জানিবলৈ দিয়া মতে প্ৰায় ১৫০ গৰাকীয়ে ছাত্ৰ-ছাত্ৰীক উক্ত অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয়।

অনুষ্ঠানত উপস্থিত থাকে অসম গোৰ্খা সন্মিলনৰ ৰাজ্যিক সাধাৰণ সম্পাদক প্ৰমুখ্যে বহুকেইগৰাকী গণ্য মান্য ব্যক্তি।

Also Read: ৰাহুল গান্ধী উপস্থিত হোৱাৰ পূৰ্বে মণিপুৰত উত্তপ্ত পৰিস্থিতি

Assam Gorkha Sammelan