/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/7542f58e-0b45-4d0e-9842-bd69598f387a/yu.jpg)
ডিজিটেল সংবাদ, কামপুৰঃ অৱশেষত আহিল সেই দুখৰ খৱৰটো।বহিঃৰাজ্যত ধন ঘটিব গৈ প্ৰাণ হেৰুৱালে কামপুৰৰ যুৱক সদানন্দ বৰা।ৰেল যাত্ৰাৰ সময়ত সন্ধানহীন হৈছিল কচুৱা থানাৰ অন্তৰ্গত লুটুমাৰীৰ সদানন্দ বৰা ।
সোমবাৰে যুৱকজনৰ মৃতদেহ কচুৱা লুটুমাৰীৰ বাসগৃহ পোৱাৰ লগে লগে কান্দোনৰ ৰোল উঠে ঘৰখনত ।উল্লেখ্য যে বহিঃৰাজ্যত কাম কৰিবলৈ গৈ ৰেল যাত্ৰাৰ সময়ত সন্ধানহীন হৈ ৰহস্যজনক ভাৱে মৃত্যু ঘটে নগাঁও জিলাৰ কচুৱাথানাৰ অন্তৰ্গত লুটুমাৰীৰ সদানন্দ বৰা নামৰ যুৱকজনৰ ।
জানিব পৰা মতে চলিত মাহৰ ২১ তাৰিখে ৰেলযোগে কেৰালালৈ বুলি যাত্ৰা কৰিছিল সদানন্দই । ২৪ অক্টোবৰৰ নিশা চলন্ত ৰেলত তেওঁক কেইজনমান লোকে অনুসৰণ কৰি থকা বুলি ফোনযোগে পৰিয়ালৰ লোকক জনোৱাৰ পিছৰে পৰা তেওঁৰ মবাইলটো বন্ধ হৈ পৰে । পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকে তেওঁৰ সৈতে কোনোধৰণৰ যোগাযোগ কৰিব নোৱাৰাত আৰক্ষীৰ কাষ চাপিছিল ।
যুৱকজন সন্ধানহীন হোৱা দুটা দিনৰ পাছত অৰ্থাৎ শুকুৰবাৰে কেৰালাৰ কল্লাম জিলাৰ এটা পুখুৰীত তেওঁৰ মৃতদেহ উদ্ধাৰ হয় । মৃতদেহটো চিনাক্তকৰণ কৰি পৰিয়ালৰ লোকে আজি ঘৰলৈ লৈ আনে আৰু স্ব-গৃহত আহি পোৱাত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰে । কোনো দুষ্কৃতিকাৰীয়ে যুৱকজনক লুটপাট কৰি হত্যা কৰাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে ।
Also Read: অভিশপ্ত ৩০ অক্টোবৰঃ ভয়ংকৰ ধাৰাবাহিক বোমা বিস্ফোৰণে কঁপাই থৈ গৈছিল ৰাজ্য