/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/a60a1f0b-f8d1-4fee-b2dd-1f478775c715/Jal_Jeevan_Mission.jpg)
ডিজিটেল সংবাদ, নগাঁও : নগাঁও জিলাৰ ৰহা সমষ্টিৰ অন্তৰ্গত কচুৱাৰ লংজাপ গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰীৰ জল জীৱন মিছনত ব্যাপক অনিয়ম হোৱাৰ অভিযোগ উত্থাপিত হৈছে। গাঁৱখনত জল জীৱন মিছনৰ বাবে ঠাই নিৰ্বাচন কৰাৰ ক্ষেত্ৰত ধনৰ লেনদেন হোৱা বুলি অভিযোগ উত্থাপিত কৰিছে একাংশ ৰাইজে।
উল্লেখযোগ্য যে, লংজাপ পঞ্চায়তৰ অন্তৰ্গত বহু কেইখন গাঁৱক বঞ্চিত কৰি লটুমাৰী এন চি আৰ আৰু ৰাণীপুখৰী এন চি ওচৰা ওচৰিকৈ; বৰগাঁৱত প্রায় ২০০ মিটাৰ দূৰত্বত দুখন ঠাই বাচনি কৰাৰ লগতে ৰাণীপুখৰী গাঁৱতো ওচৰা-ওচৰিকৈ জল জীৱন মিছনৰ ঠাই বাচনি কৰি ইতিমধ্যে কাম আৰম্ভ কৰাত ৰাইজৰ মাজত প্ৰতিক্রিয়াৰ সৃষ্টি হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/654fb35a-2588-4a58-b767-37bb34da43bd/Screenshot__105_.png)
ইয়াৰ বিপৰীতে অন্য গাঁৱত জল জীৱন মিছনৰ কোনো আঁচনি নোলোৱাত ৰাইজৰ তীব্ৰ সমস্যা হোৱা বুলি স্থানীয় ৰাইজৰ অভিযোগ। অভিযোগ মতে, অঞ্চলটোৰ ৰাইজে খোৱা পানীৰ অভাৱত দীৰ্ঘদিন ধৰি ভুক্তভুগি হৈ আহিছে। এই সম্পৰ্কে বিভাগীয় কৰ্তৃপক্ষক জাননী দিয়াৰ পিছতো কোনো ধৰণৰ কাণসাৰ নিদিয়াত নগাঁও জিলা উপায়ুক্ত আৰু ৰহাৰ বিধায়কক অভিযোগ দাখিল কৰি বিষয়টো তদন্ত কৰিবলৈ আহ্বান জনায়।
Also Read: চাবুৱাৰ স্বাস্থ্যখণ্ডত ন-সংযোজন: স্বাস্থ্যমন্ত্ৰীয়ে প্ৰদান কৰিলে এম্বুলেঞ্চ...