বটদ্ৰৱাৰ শিক্ষানুষ্ঠান সমূহত ৭৪ সংখ্যক গণৰাজ্য দিৱস

author-image
Asomiya Pratidin
New Update
বটদ্ৰৱাৰ শিক্ষানুষ্ঠান সমূহত ৭৪ সংখ্যক গণৰাজ্য দিৱস

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ দেশৰ ৭৪ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে ৰাজ্যৰ শিক্ষানুষ্ঠান সমূহৰ সমান্তৰালকৈ বটদ্ৰৱাটো পুৱাই ত্ৰিৰংগা পতাকা উত্তোলন কৰা হয়। বটদ্ৰৱা শংকৰদেৱ শিশু নিকেতনত পুৱা পতাকা উত্তোলন কৰে নিকেতন পৰিচালনা সমিতিৰ উপ-সভাপতি সুনিল বৰুৱাই।

আচাৰ্যা লীনা বৰুৱাই আঁত ধৰা অনুষ্ঠানটিত পৰিচালনা সমিতিৰ সম্পাদক পৰাগ কলিতাকে প্ৰমুখ্য কৰি পৰিচালনা সমিতিৰ সদস্য, আচাৰ্য-আচাৰ্যা, ছাত্ৰ ছাত্ৰী সকল উপস্থিত থাকে। ইফালে বটদ্ৰৱা শংকৰদেৱ মহাবিদ্যালয়, বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিকৰ বিদ্যালয়ৰ, ৰাইডঙীয়া হলিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়, বটদ্ৰৱা জাতীয় বিদ্যালয় আদি শিক্ষানুষ্ঠানত পুৱা পতাকা উত্তোলন কৰা হয়।

আৰু পঢ়ক : বজাৰৰ আটকধুনীয়া প্ৰতিমা নহয়, গছৰ পাত-ফুলেৰে তৈয়াৰ কৰি সৰস্বতী পূজা পাতিছে এইখন শিক্ষানুষ্ঠানে...

republic day