শিক্ষক দিৱসত নগাঁৱত ৰাজ্যৰ তিনিগৰাকী বৰেণ্য শিক্ষাবিদক প্ৰদান কৰা হ'ব 'ৰামানুজন শিক্ষক বঁটা'

শিক্ষক দিৱসৰ তাৎপৰ্যক গৰিমা মণ্ডিত কৰি বেচৰকাৰী শিক্ষা অনুষ্ঠান ৰামানুজন উচ্চ মাধ্যমিক বিদ্যালয়ে তিনিগৰাকীকৈ শিক্ষাগুৰুক 'ৰামানুজন শিক্ষক বঁটা'ৰে সন্মানিত কৰিব।

author-image
Asomiya Pratidin
New Update
শিক্ষক দিৱসত নগাঁৱত ৰাজ্যৰ তিনিগৰাকী বৰেণ্য শিক্ষাবিদক প্ৰদান কৰা হ'ব 'ৰামানুজন শিক্ষক বঁটা'

ডিজিটেল সংবাদ নগাঁওঃ সমাজৰ প্ৰগতিৰ চালিকা শক্তি স্বৰূপ শিক্ষাগুৰুসকলে জ্ঞানৰ জ্যোতিৰে জগত আলোকিত কৰি তোলে। শিক্ষাগুৰুসকলে সমাজ গঢ়ে। মানৱ সম্পদ গঢ়োতা শিক্ষাগুৰুসকলৰ বাবে উৎসৰ্গিত ৫ ছেপ্টেম্বৰ দিনটোৰ এক বিশেষ মান্যতা আছে। 

Advertisment

শিক্ষক দিৱসৰ তাৎপৰ্যক গৰিমা মণ্ডিত কৰি তোলাৰ উদ্দেশ্যৰে নগাঁও চহৰৰ অগ্ৰণী বেচৰকাৰী শিক্ষা অনুষ্ঠান ৰামানুজন উচ্চ মাধ্যমিক বিদ্যালয়ে বিগত বৰ্ষসমূহৰ দৰে এইবছৰো তিনিগৰাকীকৈ শিক্ষাগুৰুক 'ৰামানুজন শিক্ষক বঁটা'ৰে সন্মানিত কৰিবলৈ মনস্থ কৰিছে। অসমৰ শৈক্ষিক জগতলৈ সেৱা আগবঢ়াই মানৱ সম্পদ সৃষ্টিত অৰিহণা যোগোৱা জ্ঞানৰ সাধক শিক্ষাগুৰু তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ইমৰাণ শ্বাহ,  গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপিকা ড° লীলাৱতী শইকীয়া বৰা আৰু বিশিষ্ট বিজ্ঞানী ড° দীনেশ চন্দ্ৰ গোস্বামীলৈ তেওঁলোকৰ ত্যাগ আৰু অধ্যৱসায়ক মান্যতা প্ৰদানৰ মানসেৰে ৰামানুজন শিক্ষক বঁটা আগবঢ়োৱা হ'ব বুলি শিক্ষা প্ৰতিষ্ঠানখনৰ অধ্যক্ষ দিলীপ কুমাৰ বৰাই জানিবলৈ দিয়ে। 

নগাঁও সাংস্কৃতিক প্ৰকল্প প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'বলগা শিক্ষক দিৱসৰ কাৰ্যসূচীত  বিদ্যালয়খনৰ উপাধ্যক্ষা সংগীতা বৰুৱা বৰাৰ কথা, সুৰ আৰু কণ্ঠেৰে প্ৰস্তুত কৰা এটি গীত নগাঁও বটদ্ৰবা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই উন্মোচন কৰিব। ইপিনে সুখ্যাতিৰে কুৰি বৰ্ষ গৰকা শৈক্ষিক যাত্রাৰ স্বাক্ষৰ বহনকাৰী ৰামানুজন উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱাগত আদৰণি সভাখনো ৩ ছেপ্টেম্বৰত জিলা পুথিভঁৰাল প্রেক্ষাগৃহত অনুষ্ঠিত হ'ব বুলি অধ্যক্ষ দিলীপ কুমাৰ বৰাই জানিবলৈ দিয়ে। 

উল্লেখ্য যে বিগত সময়ত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৰাজ্যখনৰ ভিতৰত স্থান দখলেৰে উজ্বলি উঠা ৰামানুজন উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে হাইস্কুল শিক্ষান্ত পৰীক্ষাতো আশাপ্ৰদ ফলাফল প্ৰদৰ্শন কৰি আহিছে। ৰাজ্যৰ তিনিগৰাকীকৈ বৰেণ্য শিক্ষাবিদক 'ৰামানুজন শিক্ষক বঁটা'ৰে সন্মানিত কৰা পদক্ষেপক জিলাখনৰ শৈক্ষিক মহলে আদৰণি জনাইছে।

শিক্ষক দিৱস