ৰামানুজন উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱাগত আদৰণি সভা সম্পন্ন

বিদ্যালয়খনৰ উপাধ্যক্ষা সংগীতা বৰুৱা বৰাই আঁত ধৰা অনুষ্ঠানত নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ কালজয়ী গীত 'মানুহে মানুহৰ বাবে'  পৰিবেশন কৰি সভাত উপস্থিত সকলোকে উৎসাহিত কৰে ।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,নগাঁওঃ  বিংশতিতম বৰ্ষত পদাৰ্পন কৰা নগাঁও চহৰৰ ব্যক্তিগত খণ্ডৰ  অগ্ৰণী শিক্ষানুষ্ঠান ৰামানুজন উচ্চ মাধ্যমিক বিদ্যালয়ৰ আজি নৱাগত আদৰণি সভাখন অনুষ্ঠিত হয়। আজি পুৱা বিদ্যালয় চৌহদত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি বিপুল কুমাৰ বৰাই বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা অনুষ্ঠানটিত পতাকা উত্তোলন কৰে শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ দিলীপ কুমাৰ বৰাই।

ইয়াৰ পাচতে জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত নৱাগত আদৰণি সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্রহণ কৰে ক্ৰমে নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, নগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ হিতেশ ডেকা, শোনিতপুৰ ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ অজিত হাজৰিকা আৰু বিহালী মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ অধ্যাপক ৰাতুল কুমাৰ নাথ আৰু ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞানৰ সহযোগী অধ্যাপক জ্যোতিপ্ৰসাদ ভূঞাই ।

বিদ্যালয়খনৰ উপাধ্যক্ষা সংগীতা বৰুৱা বৰাই আঁত ধৰা অনুষ্ঠানত নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ কালজয়ী গীত 'মানুহে মানুহৰ বাবে'  পৰিবেশন কৰি সভাত উপস্থিত সকলোকে উৎসাহিত কৰে ।

জিলা আয়ুক্ত গৰাকীৰ লগত সকলোৱে সমস্বৰত গীতটি পৰিবেশন কৰে। জিলা আয়ুক্ত গৰাকীয়ে ছাত্ৰ-ছাত্ৰী সকলক নিজৰ লক্ষ্যত উপনীত হোৱাৰ সমান্তৰালকৈ নিজৰ দায়িত্ব নিষ্ঠাৰে পালন কৰিবৰ বাবে আহ্বান জনায়। তেওঁ সমাজৰ প্ৰতি দায়বদ্ধতা ৰক্ষা কৰি চলিবলৈ ছাত্ৰ-ছাত্ৰী সকলক আহ্বান জনায় ।

সভাত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰি নগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ হিতেশ ডেকাই ৰামানুজন উচ্চ মাধ্যমিক বিদ্যালয়লৈ আহি শৈক্ষিক জীৱনৰ অনন্য প্ৰাপ্তি লাভ কৰা বুলি মন্তব্য কৰে। উপাচাৰ্য ড০ ডেকাই  সৰল ভাষাৰে জীৱন বোধ সন্দৰ্ভত ছাত্ৰ-ছাত্ৰী সকলক অৱগত কৰি চিকিৎসক, অভিযন্তা নহ'লেও যে  সুব্যক্তি হিচাপে  প্ৰতিষ্ঠা লাভ কৰিব পাৰি সেই বিষয়ে উল্লেখ কৰে ।

আনহাতে ম'বাইল ফোনৰ গ্ৰাসৰ পৰা নৱপ্ৰজন্মক উদ্ধাৰৰ বাবে তেওঁ ম'বাইল ফোনক চিক্ চিকিয়া তৰোৱালৰ লগত তুলনা কৰি মবাইল ফোন ব্যৱহাৰত ল'বলগা সাৱধানতা সম্পৰ্কে ছাত্ৰ-ছাত্রী সকলক অৱগত কৰে ।  সভাত  ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ অজিত হাজৰিকাই  ছাত্ৰ-ছাত্ৰী সকলক কু অভ্যাস ত্যাগ কৰি সততা আৰু শ্ৰমেৰে জীৱনত প্ৰতিষ্ঠিত হ'বলৈ আহ্বান জনায়।

শিক্ষাবিদ গৰাকীয়ে বজাৰ আৰু পথাৰ নিজৰ হাতত থাকিলেহে জাতি জীয়াই থাকিব বুলি মন্তব্য আগবঢ়ায়। অনুষ্ঠানত বিহালী মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ৰাতুল কুমাৰ নাথ,শোণিতপুৰ ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞানৰ সহযোগী অধ্যাপক জ্যোতিপ্ৰসাদ ভূঞা, ৰামানুজন উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিদ্যালয়খনৰ অধ্যক্ষ দিলীপ কুমাৰ বৰা, উপাধ্যক্ষা সংগীতা বৰুৱা বৰাকে প্ৰমুখ্য কৰি ভালেকেইগৰাকী বক্তাই ভাষণ প্ৰদান কৰে ।

সভাত 'ফুলাই বৰা স্মাৰক শিক্ষাৰ্থী বঁটা' প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিশেষ কৃতিত্ব দেখুওৱা ছাত্ৰ-ছাত্ৰী লৈ এই বঁটা আগবঢ়োৱাৰ লগতে অসমৰ ভিতৰত বিভিন্ন বিষয়ত সৰ্ব্বোচ্চ নম্বৰ প্ৰাপ্ত ছাত্ৰ -ছাত্ৰী আৰু বিদ্যালয়ৰ কীৰ্তি শিক্ষক- শিক্ষয়িত্রী সকলকো সন্মানিত কৰা হয় । 

উল্লেখ্য যে অনুষ্ঠানৰ লগত সংগতি ৰাখি নগাঁও ছোৱালী মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ৰীতা তালুকদাৰ আৰু তেওঁৰ পৰিয়ালে  প্ৰয়াত চিকিৎসক সত্যেন্দ্ৰনাথ তালুকদাৰৰ স্মৃতিত সুখ্যাতিৰে NEET উত্তীৰ্ণ শিক্ষাৰ্থী লৈ বিগত বৰ্ষ সমূহৰ দৰে এইবাৰো বিশেষ বঁটা আগবঢ়ায়। সভাৰ শেষত ন-পুৰণি ছাত্ৰ -ছাত্ৰৰ প্ৰীতি মিলন তথা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত  হয় ।

নগাঁও