চিলঙনিত ৰাহাট হাস্পতাল এণ্ড ৰিৰ্চাচ চেণ্টাৰ মুকলি

চিলঙনিত ৰাহাট হাস্পতাল এণ্ড ৰিৰ্চাচ চেণ্টাৰ মুকলি

author-image
Asomiya Pratidin
New Update
চিলঙনিত ৰাহাট হাস্পতাল এণ্ড ৰিৰ্চাচ চেণ্টাৰ মুকলি

ডিজিটেল সংবাদ,বটদ্ৰৱাঃ নগাঁও জিলাৰ কেইজনমান বিশিষ্ট চিকিৎসকৰ উদ্যোগত we care for your cure মূলমন্ত্ৰৰে সোমবাৰে নিশা ৰাহাট হাস্পতাল এণ্ড ৰিৰ্চাচ চেণ্টাৰ (Raahat Hospital and Research Centre) শীৰ্ষক ব্যক্তিগত খণ্ডৰ এখন চিকিৎসালয় মুকলি কৰে।

Advertisment

নগাঁও-বটদ্ৰৱা-ধিং সংযোগী গড়কাপ্তানী পথৰ চিলঙনিৰ সম্প্ৰীতি নগৰত অৱস্থিত এই ৰাহাট হাস্পতাল এণ্ড ৰিৰ্চাচ চেণ্টাৰৰ প্ৰতিষ্ঠাপক সঞ্চালক ক্ৰমে ডা০ ৰিয়াজ উদ্দিন আহমেদ, ডা০ নজৰুল ইছলাম আৰু ডা০ মঞ্জুল ইছলাম। ২০২৩ চনত আৰু ৪ গৰাকী নতুন সঞ্চালক ডা০ আৰিফুল হক, ডা০ মিজানুৰ হুছেইন, ডা০ আছিফ ইকবাল আৰু নিছাদ মেহেৰক অন্তৰ্ভুক্ত কৰি এই চিকিৎসা প্ৰতিষ্ঠানখন আৰম্ভ কৰা হৈছে।

সোমবাৰে নিশা আব্দুল আৱালে আঁত ধৰা গাম্ভীৰ্যপূৰ্ণ শুভাৰম্ভ অনুষ্ঠানটিত অংশগ্ৰহণ কৰে ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে। তেওঁ কয় যে, নতুন উদ্ভাৱনী চিন্তাচৰ্চাৰ মাজেৰে, নতুন প্ৰজন্মৰ চিকিৎসকৰ দ্বাৰা গঠিত ৰাহাট হাস্পতাল এণ্ড ৰিৰ্চাচ চেণ্টাৰটিত মানৱদৰদী দৃষ্টি ভংগীৰে কাম কৰক আৰু অনুষ্ঠানটি মানৱ সেৱাৰ কেন্দ্ৰ হওঁক বুলি শুভেচ্ছা জ্ঞাপন কৰে।

উল্লেখযোগ্য যে, ২০১৭ চনতে অংকুৰিত হোৱা এটি সপোনেৰে ২০২২ চনৰ পৰা নিৰ্মাণকাৰ্য্য আৰম্ভ কৰি Your health our Priority সেৱা মনোভাৱেৰে মুকলি কৰা ৰাহাট হাস্পতাল এণ্ড ৰিৰ্চাচ চেণ্টাৰ লগত ডা০ এ হালিম, ডা০ মহবুব আলম, ডা০ নুৰ ইয়াচিন আৰু অধিবক্তা জিয়াৰ উদ্দিন ৰুমি আহমেদো জড়িত হৈ আছে বুলি জানিব পৰা গৈছে।

অনুষ্ঠানটিত বিশিষ্ট গল্পকাৰ শিৱানন্দ কাকতি কে আদি কৰি নগাঁও জিলাৰ কেইগৰাকী চিকিৎসক, সমাজকৰ্মী, সাংবাদিক, জেষ্ঠ নাগৰিকৰ লগতে সহস্ৰাধিক ৰাইজ উপস্থিত থাকে।

Raahat Hospital