কঠীয়াতলীৰ কন্দলী চাহ বাগিচাত শ্ৰমিকৰ প্ৰতিবাদ

কঠীয়াতলীৰ কন্দলী চাহ বাগিচাত শ্ৰমিকৰ প্ৰতিবাদ

ডিজিটেল সংবাদ, কঠীয়াতলী : বুধবাৰে কঠীয়াতলী কন্দলী চাহ বাগিচাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। বাগিচাখনত ৰোগীক চিকিৎসা প্ৰদান কৰাৰ বাবে এম্বুলেন্স নোপোৱাত পুৱা ৮ বজাৰ পৰা কন্দলি চাহ বাগিচাৰ কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰে চাহ শ্ৰমিকসকলে।

জানিব পৰা মতে, যোৱা ১৩ নবেম্বৰ তাৰিখে বাগিচাখনৰ এগৰাকী শ্ৰমিকক বিসাক্ত সাপে দংৰ্শন কৰাত চিকিৎসালত খবৰ দিয়ে। প্ৰায় ২ ঘণ্টা সময়লৈকে বিভাগীয় কতৃপক্ষই এম্বুলেন্সৰ ব্যৱস্থা কৰি ৰোগীজনক চিকিৎসালয়লৈ নিনিয়াত পৰিয়ালৰ লোকে নিজাববীয়াকৈ এখন গাড়ীৰে চিকিৎসালয়লৈ লৈ যায়। এই ঘটনাৰ বিষয়ে বাগিচাখনৰ মুখ্য পৰিচালকক অৱগত কৰাৰ উদ্দেশ্যে সাক্ষাৎ কৰাৰ পৰা বিৰত থাকে শ্ৰমিকসকল।

উক্ত ঘটনাৰ পাছতে বুধবাৰে কাৰ্যলয়ৰ সন্মুখত শ্ৰমিকসকলে প্ৰতিবাদ সাব্যস্ত কৰে।চাহ শ্ৰমিকসকলে দাবী জনাইছে যে অতি সোনকালে শ্ৰমিকসকলৰ চিকিৎসাৰ বাবে এখন এম্বুলেন্স প্ৰদান কৰি ৰোগীসকলক চিকিৎসাৰ ক্ষেত্ৰত সুবিধা প্ৰদান কৰক। এই প্ৰতিবাদী কায্যসুচীত বাগিচাখনৰ অন্তৰ্গত চাহ শ্ৰমিকসকলৰ লগতে দল সংগঠনসমূহে অংশগ্ৰহন কৰে।

কঠীয়াতলীৰ কন্দলী চাহ বাগিচাত শ্ৰমিকৰ প্ৰতিবাদ
খেল পথাৰত দুৰ্দান্ত ৰূপ ধাৰণ কৰা ৰোহিতৰ আন এক অভিলেখ...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in