বিহুনাচ বিকৃত কৰি প্ৰদৰ্শন কৰাৰ বিৰুদ্ধে সোচ্ছাৰ বীৰ লাচিত সেনা

বিহুনাচ বিকৃত কৰি প্ৰদৰ্শন কৰাৰ বিৰুদ্ধে সোচ্ছাৰ বীৰ লাচিত সেনা

ডিজিটেল সংবাদ, নগাঁও: দিল্লীত অনুষ্ঠিত জি-২০ শীৰ্ষ সন্মিলনত বিহু নাচ বিকৃত কৰি প্ৰদৰ্শন কৰা সন্দৰ্ভত নগাঁৱত সোচ্ছাৰহৈ পৰিছে বীৰ লাচিত সেনা, অসম। নগাঁও প্ৰেছ ক্লাৱত এখন সংবাদ মেল আয়োজন কৰি সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ মুখপাত্ৰ প্ৰকাশ বৰুৱাই কয় যে, অসমৰ ভাষা-সংস্কৃতিক ধ্বংস কৰাৰ এক ষড়যন্ত্ৰ চলিছে। ইয়াৰ উদাহৰণ হৈছে বিকৃত ৰূপত বিহু নাচ প্ৰদৰ্শন কৰাটো। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন সময়ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মহাপুৰুষ মাধৱদেৱৰ নাম লয়। তেওঁ বিহু নাচ বিকৃত কৰি প্ৰদৰ্শন কৰা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক। অন্যথা তেওঁ স্বীকাৰ কৰক যে অসমীয়াত্ব তেওঁ হেৰুৱাই পেলাইছে।

ৰাজ্যৰ বিজেপি চৰকাৰৰ কাৰ্যকালত বিহু নাচ বিকৃত কৰি প্ৰদৰ্শন কৰাৰ পিচত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মহাপুৰুষ শংকৰদেৱ অথবা মাধৱদেৱৰ নাম লোৱাৰ নৈতিক অধিকাৰ হেৰুৱাই পেলাইছে বুলি মন্তব্য কৰি সংগঠনটোৰ মুখপাত্ৰ জনে কয় যে, মুখ্যমন্ত্ৰীয়ে চাভাৰকাৰ বা দীনদয়ালৰহে নাম লোৱা উচিত।

ইপিনে বীৰ লাচিত সেনা, অসমে এক দেশ এক নিৰ্বাচন মানি নলয় বুলি মন্তব্য কৰি সংগঠনটোৰ নেতাজনে কয় যে, নিজৰ ভাষা, কৃষ্টি-সংস্কৃতি জীয়াই ৰাখিবলৈ অসমীয়া জাতিয়ে নিজৰ প্ৰাণ দিবলৈও কুণ্ঠাবোধ নকৰে।

নগাঁৱৰ বন বিভাগকো কঠোৰ ভাষাৰে সমালোচনা কৰে সংগঠনটোৰ মুখপাত্ৰজনে ।তেওঁ কয় যে, নগাঁও জিলাৰ চামগুৰিত থকা বন বিভাগৰ উদমাৰী আঞ্চলিক কাৰ্যালয়ৰ কাষতে অবৈধভাবে পাহাৰ খান্দি আছে। ফলত কৃষকৰ কৃষি ভূমি পাহাৰৰ পৰা নামি অহা মাটিয়ে বিনষ্ট কৰিছে। শীত-তাপ নিয়ন্ত্ৰিত কোঠাত বহি বিভাগীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বনবিভাগৰ এনে দুৰ্নীতি দেখিও চকু মুদি আছে। সেয়ে তেওঁৰ প্ৰতিও সন্দেহৰ সৃষ্টি হৈছে।

সংগঠনটোৱে অভিযোগ কৰি কয় যে, বনবিভাগৰ একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীয়ে ননৈত থকা বনবিভাগৰ গেটত শিলৰ গাড়ী আহিলে এখনৰ বিপৰীতে ১ হাজাৰ টকা আৰু বালি গাড়ী আহিলে এখনৰ বিপৰীতে ৮০০ টকা লয়।

নগাঁৱত বহু অবৈধ কাঠ ফলা মিল থকাৰ পিচতো নগাঁও বন সংমণ্ডল বিষয়াজনে ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ কৰি সংগঠনটোৰ নেতাজনে কয় যে, আৰ এছ গান্ধীৰ পৃষ্ঠপোষকতাতে চামগুৰিৰ উদমাৰীত পাহাৰ ধ্বংস হৈছে।

সংগঠনটোৱে বনবিভাগৰ এনে দুৰ্নীতিৰ বিৰুদ্ধে পূৰ্বতে প্ৰতিবাদ কৰোতে সেই সময়ৰ আৰক্ষী অধীক্ষক লীনা দলেয়ে প্ৰতিবাদকাৰীকহে ভাবুকি দিছিল বুলি অভিযোগ কৰি কয় "আমি ভাবুকিলৈ কেৰেপ নকৰো।অসম আৰু অসমীয়াৰ স্বাৰ্থত অসম বিৰোধী চক্ৰৰ বিৰুদ্ধে আমি গণতান্ত্ৰিক ভাবে সংগ্ৰাম কৰি যাম"।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in