/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/8ff95500-b244-4f8c-872c-1f003c70a356/112.jpg)
ডিজিটেল সংবাদ,নগাঁও : জনপ্ৰিয় শিল্পী কৃষ্ণমণি নাথৰ পেট্ৰল ডিপোত অঘটন । শিল্পীগৰাকীৰ তেল ডিপোৰ কৰ্মচাৰীৰ পৰা লুটি নিলে চাৰি লাখৰো অধিক টকা ।
লুটি নিয়া ধন উদ্ধাৰ কৰিবলৈ নগাঁও আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে । আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই নিজে অভিযানৰ তদাৰক কৰিছে ।
কৃষ্ণমণি নাথৰ বাৰপুজীয়াত থকা পেট্ৰল ডিপোৰ কৰ্মচাৰী বিশ্বজিৎ ডেকাই ৪.১২ লাখ টকা লৈ নগাঁও অভিমূখে আহি থাকোতে জলময় গাঁৱত চাৰিজনীয়া দুৰ্বৃত্তৰ দলে চোকা অস্ত্ৰ আৰু পিস্তল দেখুৱাই নগদ ধন লুটি লৈ যায় ।
নম্বৰপ্লেটবিহীন মটৰ চাইকেলত অহা হেলমেট পৰিধান কৰা দলটোৱে বিশ্বজিৎ ডেকাৰ পৰা ডিপোৰ ধন লুটি নিয়াৰ অভিযোগ উঠিছে । তেল ডিপোৰ কৰ্মচাৰী ডেকাই নিজৰ মটৰ চাইকেলখন পথৰ কাষত ৰখাই ম’বাইলত কথা পাতি থাকোতে ঘটনাটো সংঘটিত হয় ।
Also Read: তিতাবৰ আৰক্ষী থানাৰ ভিতৰত সাপৰ আতংক !