/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08/efb94219-a6e5-4073-aa7e-969900d33d80/3.jpg)
ডিজিটেল সংবাদ, নগাঁও: ঘোষণা কৰা ঙৈছে ২০২৪বৰ্ষৰ পাৰ্থসাৰথি বৰুৱা বঁটাৰ প্ৰাপকৰ নাম। ডাঃ পাৰ্থসাৰথি বৰুৱা স্মৃতিৰক্ষা সমিতিৰ উদ্যোগত আৰু নগাঁৱৰ অগ্ৰণী ফটোগ্ৰাফীৰ শিক্ষানুষ্ঠান ভিউফাইণ্ডাৰৰ সহযোগত এই বঁটাৰ বাবে এইবাৰ নগাঁৱৰ বিশিষ্ট ফটোগ্ৰাফাৰ তথা প্ৰকৃতিবিদ প্ৰশান্ত বৰদলৈৰ নাম ঘোষণা কৰা হৈছে।
উল্লেখযোগ্য যে নগাঁৱৰ বিশিষ্ট চলচিত্ৰবোদ্ধা, আলোকচিত্ৰশিল্পী, গ্ৰন্থসংৰক্ষক, চিকিৎসক, শিল্প-সাহিত্য-সংস্কৃতিৰ সংবৰ্ধক প্ৰয়াত ডাঃ পাৰ্থসাৰথি বৰুৱাদেৱৰ স্মৃতি যুগমীয়া কৰি ৰাখিবৰ বাবে ডাঃ পাৰ্থসাৰথি বৰুৱা স্মৃতি ৰক্ষা সমিতিয়ে ফটোগ্ৰাফীৰ ক্ষেত্ৰত বিশেষ বৰঙনি আগবঢ়োৱা অসমৰ বৰেণ্য একোগৰাকী ব্যক্তিক প্ৰতিবছৰে এই বঁটা আগবঢ়োৱাৰ সিদ্ধান্ত ঘোষণা কৰি যোৱা এমাহ ধৰি অসমৰ বিভিন্ন ঠাইৰ পৰা বহুকেইজন জেষ্ঠ আৰু অভিজ্ঞ ফটোগ্ৰাফাৰৰ মাজৰ পৰা নগাঁৱৰ প্ৰশান্ত বৰদলৈৰ নামটো নিৰ্বাচন কৰি উলিয়াই। ১৯আগষ্টত বিশ্ব আলোকচিত্ৰ দিৱসৰ দিনা পুৱা ১১ বজাত নগাঁও ছোৱালী কলেজৰ চিন্তা জুৰণি কক্ষত অনুষ্ঠিত এক আড়ম্বৰপূৰ্ণ সভাতে প্ৰশান্ত বৰদলৈদেৱক এই বঁটাটি প্ৰদান কৰা হ’ব।
এই বঁটাত থাকিব নগদ ধন, এটা স্মাৰক আৰু মানপত্ৰ। ডাঃ পাৰ্থসাৰথি বৰুৱা স্মৃতিৰক্ষা সমিতিৰ প্ৰচাৰ সম্পাদক তথা ভিউফাইণ্ডাৰ ফটোগ্ৰাফী শিক্ষানুষ্ঠানৰ পৰিচালন সঞ্চালক নৃপেন শইকীয়াই জানিবলৈ দিয়া মতে অসমৰ তিনিগৰাকী বিশিষ্ট ফটোগ্ৰাফাৰ ক্ৰমে সঞ্জীৱ গোঁহাই বৰুৱা, ৰঞ্জন কুমাৰ দাস আৰু বেঞ্জামিন কামালৰ দ্বাৰা গঠিত নিৰ্বাচক মণ্ডলীয়ে প্ৰশান্ত বৰদলৈক দীৰ্ঘদিন ধৰি ফটোগ্ৰাফীৰ জৰিয়তে সংৰক্ষণৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে এই বঁটাৰ বাবে নিৰ্বাচন কৰে।
Also Read: ৯৪ৰ ডাঙৰি ভুৱা এনকাউন্টাৰত আক্ৰান্ত পৰিয়ালক ২০ লাখকৈ ক্ষতিপূৰণ কেন্দ্ৰৰ...