ননৈত খোলবাদন,বৰগীত আৰু সত্ৰীয়া নৃত্যৰ কৰ্মশালাৰ সামৰণি

ননৈত খোলবাদন,বৰগীত আৰু সত্ৰীয়া নৃত্যৰ কৰ্মশালাৰ সামৰণি

author-image
Asomiya Pratidin
New Update
ননৈত খোলবাদন,বৰগীত আৰু সত্ৰীয়া নৃত্যৰ কৰ্মশালাৰ সামৰণি

ডিজিটেল সংবাদ,বঢ়মপুৰ: ননৈত অনুষ্ঠিত হোৱা খোলবাদন,বৰগীত আৰু সত্ৰীয়া নৃত্যৰ কৰ্মশালাৰ সোমবাৰে সামৰণি পৰে।মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ গুৰু দুজনাৰ সৃষ্টিৰাজিৰ প্ৰতি নৱ প্ৰজন্মক আকৰ্ষিত কৰি আধ্যাত্মিক চিন্তাৰে সমৃদ্ধ কৰাৰ মানসেৰে নগাঁৱৰ ননৈ কুমাৰগাঁৱৰ শংকৰদেৱ সংগীত কাননৰ উদ্যোগত সাতদিনীয়াকৈ বৰগীত, খোলবাদন, সত্ৰীয়া নৃত্যৰ কৰ্মশালাৰ আয়োজন কৰা হৈছিল।

Advertisment

আজি ননৈ ভাটি কুমাৰগাঁও বৰনামঘৰত এই কৰ্মশালাৰ সামৰণি অনুষ্ঠান আয়োজন কৰা হয়৷ সাতদিনীয়াকৈ প্ৰশিক্ষণ গ্ৰহণ কৰা প্ৰায় ৫০ গৰাকী কণ কণ শিশুয়ে সুন্দৰভাৱে পৰিবেশন কৰা পৰিলক্ষিত হয় ৷

কৰ্মশালাখনিত খোলবাদনৰ প্ৰশিক্ষক হিচাপে শুভজিৎ শইকীয়া , বৰগীতৰ প্ৰশিক্ষক হিচাপে নীলাক্ষী শইকীয়া আৰু সত্ৰীয়া নৃত্যৰ প্রশিক্ষক হিচাপে কস্তুৰী ডেকাই প্ৰশিক্ষণ প্ৰদান কৰে।আজিৰ কৰ্মশালাৰ সামৰণি অনুষ্ঠানত অঞ্চলৰ বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

nonoi workshop