নগাঁও জিলাৰ পশ্চিমাঞ্চলত ভৰি পৰিছে অবৈধ ফাৰ্মাচী, নিৰ্বিকাৰ স্বাস্থ্য বিভাগ

নগাঁও জিলাৰ পশ্চিমাঞ্চলত ভৰি পৰিছে অবৈধ ফাৰ্মাচী, নিৰ্বিকাৰ স্বাস্থ্য বিভাগ

author-image
Asomiya Pratidin
New Update
নগাঁও জিলাৰ পশ্চিমাঞ্চলত ভৰি পৰিছে অবৈধ ফাৰ্মাচী,  নিৰ্বিকাৰ স্বাস্থ্য বিভাগ

ডিজিটেল সংবাদ, বটদ্ৰৱা: নগাঁও জিলাৰ পশ্চিমাঞ্চলত সম্প্ৰতি চিকিৎসা সেৱাৰ নামত মুন্নাভাই এম বি বি এচৰ দপদপনি চলিছে। বৃহত্তৰ অঞ্চলটোৰ বিভিন্ন গাঁও সমূহৰ একাংশ ভিতৰুৱা ঠাইত অবাধে চলিছে স্বয়ম্ভু চিকিৎসকৰ চিকিৎসা সেৱা।

Advertisment

একাংশ সহজ-সৰল লোকৰ সৰলতাৰ সুযোগ গ্ৰহণ কৰি এনে কাৰ্যৰে লুটিছে একাংশ চতুৰ লোকে। যাৰ ফলত অসুস্থ লোকে আৰোগ্য লাভ কৰাটোতো দূৰৰে কথা বেমাৰ বাঢ়ি গৈ দুৰাৰোগ্য ৰূপ পোৱাৰ লগতে বহু লোকৰ মৃত্যু পৰ্যন্ত হোৱাৰ তথ্য পোৱা গৈছে।

এই গাঁও সমূহৰ অলিয়ে গলিয়ে কাঠফুৰাৰ দৰে গঢ়ি উঠিছে অবৈধ ফাৰ্মাচী। বিভাগীয় নিয়ম অনুসৰি, প্ৰতিখন ফাৰ্মাচীত এগৰাকী ফাৰ্মাচিষ্ট থাকিব লাগে যদিও অধিকাংশ ফাৰ্মাচীতে নাই ফাৰ্মাচিষ্ট। আনকি, ফাৰ্মাচিষ্ট থকাটোতো দূৰৰে কথা মেট্ৰিকৰ দেওনা পাৰ নোহোৱা তথা স্বাস্থ্য সম্পৰ্কত কোনো জ্ঞান নথকা লোকেও চলাই গৈছে চিকিৎসা সেৱাৰ লগতে ঔষধ বিক্ৰী কাৰ্য।

আনহাতে, চৰকাৰী অনুজ্ঞাপত্ৰৰ বাবে ফাৰ্মাচিষ্টৰ প্ৰয়োজন যদিও তেওঁলোকৰ শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰখন ভাৰাতে আনি বিভাগীয় ভাবে অনুজ্ঞাপত্ৰ লাভ কৰাৰ অভিযোগো পোৱা গৈছে।

প্ৰাপ্ত তথ্য অনুসৰি, বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত কালাবজাৰ, ধনীয়াভেটি, লালুংগাঁও, ভেৰভেৰী, বৰহিছা গাঁও, ধিং গেট, ইছলামপট্টি, বৰভেটি, চলচলি, ডুমডুমীয়া, ধূপগুৰি আদিকে ধৰি বহু ঠাইত গঢ়ি উঠিছে অবৈধ ফাৰ্মাচী।

এইদৰে সততে গঢ়ি উঠা ফাৰ্মাচীৰ বিৰুদ্ধে নগাঁও ঔষধ পৰিদৰ্শক নামৰ বিয়াগোম বিভাগটোৱে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ নজিৰ নাই। অতি আচৰ্যজনক কথাটো এই যে একাংশ ফাৰ্মাচীত নিচা জাতীয় দ্ৰব্য বিক্ৰী কৰাত নৱ প্ৰজন্মৰ বহু যুৱকৰ জীৱনত ঘোৰ অমানিশা নমাই আনিছে। এইদৰে মানৱ দেহৰ বাবে ধ্বংস ৰূপী এই ফাৰ্মাচীৰ বিৰুদ্ধে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই বিহিত ব্যৱস্থা গ্ৰহণ কৰিবনে ? এতিয়া লাখ টকীয়া প্ৰশ্ন হৈ পৰিছে।

Also Read: যুদ্ধ সমাপ্তিৰ ক্ষেত্ৰত আলোচনা প্ৰক্ৰিয়াক অগ্ৰাধিকাৰ দিয়াৰ আহ্বানম মোডীৰ