নগাঁৱত পৌৰসভাৰ এলেকাধীন গৃহৰ কৰ বৃদ্ধি

সমগ্র ৰাজ্যৰ পৌৰ নিকায় সমূহৰ আবাসিক আৰু বাণিজ্যিক এলেকাৰ গৃহ সমূহৰ কৰবৃদ্ধিৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে।

author-image
Asomiya Pratidin
New Update
নগাঁৱত পৌৰসভাৰ এলেকাধীন গৃহৰ কৰ বৃদ্ধি

ডিজিটেল সংবাদ, নগাঁও : সমগ্র ৰাজ্যৰ পৌৰ নিকায় সমূহৰ আবাসিক আৰু বাণিজ্যিক এলেকাৰ গৃহ সমূহৰ কৰবৃদ্ধিৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে। সমগ্ৰ ৰাজ্যখনৰ লগতে নগাঁও জিলাৰ পৌৰসভা আৰু নগৰ সমিতি সমূহেও আবাসিক আৰু বাণিজ্যিক এলেকাৰ গৃহ সমূহৰ অস্বাভাৱিক কৰবৃদ্ধিৰ পদক্ষেপ গ্ৰহণ কৰিছে।

Advertisment

ইয়াক কেন্দ্ৰ কৰি নগাঁও পৌৰসভা আৰু নগৰ সমিতিৰ এলেকাধীন নাগৰিক সকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।পৌৰ কৰবৃদ্ধিৰ ফলত সৰ্বসাধাৰণ নাগৰিক সকল ক্ষতিগ্ৰস্ত হব বুলি নাগৰিক সকলে মন্তব্য কৰি কয় যে অত্যাধিক কৰ দিয়াটো নাগৰিকৰ বাবে সম্ভৱ নহয়।

নগাঁৱত পৌৰ কৰবৃদ্ধিৰ বিৰুদ্ধে সৰব হৈ পৰিছে নগাঁৱৰ প্ৰাক্তন বিধায়ক প্ৰাক্তন মন্ত্ৰী তথা অবসৰপ্ৰাপ্ত অধ্যাপক গিৰীন্দ্ৰ কুমাৰ বৰুৱা। বৰুৱাই এই সন্দৰ্ভত নগাঁৱৰ উপায়ুক্তক এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে।স্মাৰক পত্ৰত বৰুৱাই উল্লেখ কৰিছে যে আমাৰ নগাঁও জিলাৰ অন্তৰ্গত পৌৰসভা আৰু নগৰ সমিতি সমূহৰ এলেকাধীন নাগৰিক সকলৰ আবাসিক আৰু বাণিজ্যিক এলেকাৰ গৃহ সমূহৰ কৰবৃদ্ধি কৰিবলৈ প্ৰস্তুতি চলোৱা হৈছে।

ইতিমধ্যে নগাঁও পৌৰসভাৰ দ্বাৰা প্ৰস্তাবিত পৌৰ কৰ বৃদ্ধিৰ খছৰা প্ৰকাশ কৰিছে।লগতে পৌৰ কৰ বৃদ্ধিৰ সন্দৰ্ভত কিবা আপত্তি থাকিলে পৌৰসভাক জনাবৰ বাবে পৌৰসভা কৰ্তৃপক্ষই নাগৰিকক আহ্বান জনাইছে।বৰুৱাই স্মাৰক পত্ৰত এই কথা উল্লেখ কৰিছে যে নগাঁও পৌৰসভাই পৌৰ নাগৰিকৰ আবাসৰ পৌৰ কৰ অস্বাভাৱিক হাৰত বৃদ্ধি কৰিছে।

বিশ্লেষণ কৰি দেখা গৈছে যে কমেও তিনিশ গুণ পৰ্যন্ত পৌৰকৰ বৃদ্ধিৰ বাবে নগাঁও পৌৰসভাই প্ৰস্তাৱ গ্ৰহণ কৰিছে বুলি বৰুৱাই স্মাৰক পত্ৰত উল্লেখ কৰিছে।নগাঁও পৌৰসভাৰ দৰে গৰিষ্ঠ সংখ্যক মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্ত নাগৰিকৰ পৌৰ এলেকাত বাসকৰা নাগৰিক সকলৰ বাবে এনেধৰণৰ অতিৰিক্ত কৰৰ বোজা বহন কৰা মুঠেও সম্ভৱ নহয়।

স্মাৰক পত্ৰত বৰুৱাই পৌৰ কৰবৃদ্ধিৰ প্ৰস্তাব পুনৰাই বিবেচনা কৰি নাগৰিক সকলৰ লগত আলোচনাৰ মাধ্যমৰে পৌৰ কৰবৃদ্ধি বিষয়টো সমাধান কৰিবলৈ উপায়ক্তক আহ্বান জনাইছে। নগাঁও পৌৰসভাৰ কৰবৃদ্ধিৰ প্ৰস্তাৱক বিৰুদ্ধে নগাঁও চহৰৰ বহু কেইজন সচেতন নাগৰিক, শিক্ষাবিদ,অধ্যাপক আদিয়ে ক্ষোভ প্ৰকাশ কৰে। সংবাদ মাধ্যমৰ আগত তেওঁলোকে ক্ষোভেৰে কয় যে চৰকাৰে মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্ত সকলক লক্ষ্য কৰি লৈছে।

তেওঁলোকে পৌৰকৰ অস্বাভাৱিক বৃদ্ধিৰ বিৰুদ্ধে সকলো নাগৰিকক ঐক্যবদ্ধ ভাবে থিয় দিবলৈ আহ্বান জনাইছে। সৰ্বসাধাৰণ ৰাইজৰ মূৰত অত্যাধিক কৰ জাপি দি অৰ্থনৈতিক ভাৱে দুৰ্বল কৰিব বিচৰা চৰকাৰৰ এনে জনবিৰোধী কাম কাজৰ বিৰুদ্ধে ৰহস্য জনক ভাবে ৰাইজৰ হকে কাম কৰা বুলি সততে কৈ থকা দল সংগঠন সমূহ নীৰৱে থকাত নাগৰিক সকলে ক্ষোভ প্ৰকাশ কৰিছে।

Also Read: গোলাঘাট জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস আৰু চলচ্চিত্ৰ দিৱস উদযাপন