নগাঁও পৌৰ সভা ঘেৰাও, মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ...

নগাঁ‌ও পৌৰ এলেকাত গৰিষ্ঠ সংখ্যক মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্ত নাগৰিকে বসবাস কৰে ৷ গতিকে নাগৰিকসকলৰ এনে অতিৰিক্ত কৰৰ বোজা বহন কৰা মুঠেও সম্ভৱ নহয়।
নগাঁও পৌৰ সভা ঘেৰাও
নগাঁও পৌৰ সভা ঘেৰাও

ডিজিটেল সংবাদ, নগাঁওঃ ৰাজ্যত পৌৰ সভাৰ এলেকাত অস্বাভাৱিক পৌৰ কৰ বৃদ্ধি কৰাক লৈ তীব্ৰ প্ৰতিবাদ সাৱ্যস্ত কৰিছে দল সংগঠনসমূহে ৷ এনে প্ৰতিবাদৰ মাজতেই অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ নগাঁ‌ও জিলা সমিতিয়ে সোমবাৰে নগাঁও পৌৰসভা ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰে ৷ লগতে জিলা উপায়ুক্তৰ জড়িয়তে আসমৰ মাননীয় মুখ্যমন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰদান কৰে।

সংগঠনটোৱে স্মাৰক পত্ৰত উল্লেখ কৰা অনুসৰি নগাঁ‌ও পৌৰ এলেকাত গৰিষ্ঠ সংখ্যক মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্ত নাগৰিকে বসবাস কৰে ৷ গতিকে নাগৰিকসকলৰ এনে অতিৰিক্ত কৰৰ বোজা বহন কৰা মুঠেও সম্ভৱ নহয়। ৰাজ্যৰ পৌৰসভা সমূহে পৌৰ কৰ ১ শতাংশৰ পৰা ২৫ শতাংশ বৃদ্ধি কৰাৰ প্ৰস্তাৱ সম্পৰ্কত চৰকাৰৰ প্ৰতিনিধিয়েও শেহতীয়াকৈ কোৱা কথা বতৰাই পৌৰ এলেকাৰ নাগৰিকৰ মাজত পৌৰ কৰ বৃদ্ধিৰ যি পৰিমান সেই ক্ষেত্ৰত সৃষ্টি কৰিছে বিভ্ৰান্তিৰ। যিহেতু নগাঁ‌ও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই সামাজিক মাধ্যমত বৰ্তমানতকৈ সৰ্বাধিক ১০ শতাংশ পৌৰ কৰ বৃদ্ধি হ’ব বুলি উল্লেখ কৰিছে ৷

১ এপ্ৰিলৰ পৰা ৰাজ্যত নূন্যতম ৭.৫ % কৈ পৌৰ কৰ বাঢ়িব বুলি ওলোৱা খবৰে ৰাইজৰ মাজত চৰম বিভ্ৰান্তিৰ সৃষ্টি কৰিছে । অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, নগাঁও জিলা সমিতিয়ে ক’ভিডকালীন পৰিস্থিতিত পৰি অৰ্থনৈতিক ভাবে জুৰুলা হোৱা ৰাইজক সকাহ দিয়াৰ উদ্দেশ্যে বৰ্দ্ধিত পৌৰ কৰৰ সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনাইছে ৷ লগতে u/s 79-E of Assam Municipal Act,1956 অনুযায়ী ৰাইজৰ ওজৰ আপত্তি দৰ্শোৱাৰ ওপৰিও শুনানীৰ বাবে ন্যুনতম ১ মাহৰ সময় সীমা দিবলৈ দাবী জনায় ৷ নগাঁও জিলাৰ অন্তৰ্গত ৰহা , কামপুৰ, ধিং পৌৰসভাতো অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ দ্বাৰা সমান্তৰালভাৱে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হৈছে৷

নগাঁও পৌৰ সভা ঘেৰাও
প্ৰশ্নকাকত ফাদিলৰে জড়িত নগাঁওৰ ছাত্ৰক কাৰাগাৰলৈ প্ৰেৰণ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in