সদৌ অসম কবি সন্মিলনৰ কাব্যদিন অনুষ্ঠানৰ আয়োজন

শ্ৰী নাথে মেঘদূত শীৰ্ষক ই মেগাজিনৰ যোগেদি অসমৰ বিভিন্ন স্থানৰ কবি সকলৰ সৃষ্টিৰাজিৰ প্ৰচাৰ প্ৰসাৰৰ বিষয়ে আলোকপাত কৰি শেৱালি কবি ৰত্নকান্ত বৰকাকতীৰ দুটি কবিতা পাঠ কৰে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,বটদ্ৰৱাঃ  সদৌ অসম কবি সন্মিলনৰ উদ্যোগত নগাঁও জিলাৰ কলংপাৰ বিদ্যাপীঠত আজি কাব্যদিন শীৰ্ষক এটি কাব্যিক অনুষ্ঠান অনুষ্ঠিত হয়। সদৌ অসম কবি সন্মিলনৰ উপ সভাপতি 
নৰহৰি চুটিয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাত অংশগ্ৰহণ কৰে কবি দিলীপ কুমাৰ নাথে।

WhatsApp Image 2026-01-05 at 6.30.06 PM (1)

শ্ৰী নাথে মেঘদূত শীৰ্ষক ই মেগাজিনৰ যোগেদি অসমৰ বিভিন্ন স্থানৰ কবি সকলৰ সৃষ্টিৰাজিৰ প্ৰচাৰ প্ৰসাৰৰ বিষয়ে আলোকপাত কৰি শেৱালি কবি ৰত্নকান্ত বৰকাকতীৰ দুটি কবিতা পাঠ কৰে। সভাৰ আৰম্ভণিতে সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন উপসভাপতি ৰাজেন অসমে "সদৌ অসম কবি সন্মিলনৰ ইতিহাস, লক্ষ্য উদ্দেশ্য" আদি বিশ্লেষণ কৰি সাৱলীল আৰু মৰ্মস্পৰ্শী ভাষন প্ৰদান কৰে।

WhatsApp Image 2026-01-05 at 6.30.07 PM (1)

কাব্যদিনৰ আহ্বায়ক কবিতা বৰা, দিগন্ত ভাগৱতী, কেন্দ্ৰীয় মাণ্ডলিক সম্পাদক কৃষ্ণ দৈমাৰী, কেন্দ্ৰীয় প্ৰাক্তন উপসভাপতি ৰাজেন শইকীয়া, কেন্দ্ৰীয় সাংগঠনিক সম্পাদক মৃনাল কুমাৰ বৰা, ভৱেন চন্দ্ৰ নাথকে আদি কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থকা গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানটিত কবি সঞ্জীৱ সাগৰ, কন্দৰ্প কুমাৰ কলিতা, দিব্যজ্যোতি বৰুৱা, নিজৰা শইকীয়া, শোণিত বৰঠাকুৰ, মধু চৌধুৰী, গুণকান্ত শৰ্মা, মই হাইছ উদ্দিন, আহমেদকে আদি কৰি অৰ্ধশতাধিক কবিয়ে শীতৰ সেমেকা বিয়লি কবিতা পাঠেৰে উমান কৰি তোলে। অনুষ্ঠানটিত সকলো কবিকে মানপত্ৰ প্ৰদান কৰা হয়। 

সদৌ অসম কবি সন্মিলন