নগাঁৱত ৰাজ্যিক কৰ্মচাৰী প্ৰতিবাদ...

নতুন পেঞ্চন নীতিৰ বিৰুদ্ধে পুনৰ সৰৱ হ’ল ৰাজ্যিক কৰ্মচাৰী।

author-image
Asomiya Pratidin
New Update
নগাঁৱত ৰাজ্যিক কৰ্মচাৰী প্ৰতিবাদ...

ডিজিটেল সংবাদ, নগাঁওঃ নতুন পেঞ্চন নীতিৰ বিৰুদ্ধে পুনৰ সৰৱ হ’ল ৰাজ্যিক কৰ্মচাৰী। নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ দাবীৰে মঙ্গলবাৰে নগাঁৱতো তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৰাজ্য চৰকাৰৰ প্ৰতিটো বিভাগৰ কৰ্মচাৰীসকলে ৷

Advertisment

প্ৰতিবাদৰ অংশ হিচাপে কৰ্মচাৰীসকলে ৰূপায়িত কৰে সৰ্বাত্মক কৰ্মবিৰতি ৷ উল্লেখ্য যে, প্ৰতিবাদকাৰীসকলে নগাঁও চহৰৰ মাজেৰে পুৱা ১০:৩০ বজাত এক প্ৰতিবাদী সমদল উলিয়াই নগাঁও জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীলৈ দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

Also Read: অনুৰাগক লগত লৈ ইন্দ্রাণীৰ বাসগৃহত আৰক্ষীঃ উদ্ধাৰ বহু আপত্তিজনক নথি

GOVT OF ASSAM