নগাঁও জিলা ঔষধ ব্যৱসায়ী সন্থাৰ ত্ৰি-বাৰ্ষিক অধিবেশন

 নগাঁও জিলা ঔষধ ব্যৱসায়ী সন্থাৰ ত্ৰি-বাৰ্ষিক অধিবেশন

ডিজিটেল সংবাদ , নগাঁও : দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় নগাঁও জিলা ঔষধ ব্যৱসায়ী সন্থাৰ ত্ৰি-বাৰ্ষিক অধিবেশন ৷ নগাঁও নাট্য মন্দিৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই অধিৱেশনত ৰাজ্যিক ঔষধ নিয়ন্ত্ৰক বিশ্বজিত তালুকদাৰ,নগাঁও জিলা ঔষধ নিয়ন্ত্ৰক শ্ববনম খাটনীয়াৰকে প্ৰমুখ্য কৰি নগাঁও আৰু হোজাই জিলাৰ ড্ৰাগ ডিষ্ট্ৰিবিউটৰৰ প্ৰতিনিধি বৰ্গ উপস্থিত থাকে ।

দেওবাৰৰ এই অধিবেশনতে ঔষধ ব্যৱসায়ী সকলৰ বিভিন্ন সমস্যাৰাজীৰ বিষয়ে আলোচনা হোৱাৰ উপৰিও ঔষধ বিক্ৰীৰ ক্ষেত্ৰত শেহতীয়াকৈ ভাৰত চৰকাৰে প্ৰৱৰ্তন কৰা নতুন নীতি নিৰ্দেশনাৰ উপৰতো আলোচনা কৰা হয় ৷ লগতে এই অধিৱেশনতেই সন্থাৰ নতুন সমিতিও গঠন কৰা হয় ।

আনহাতে নগাঁও চহৰৰ দাতিকাষৰীয়া কিছু অঞ্চলত অবৈধ ভাৱে গঢ়ি উঠা একাংশ ফাৰ্মাচীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰো কথা ক’লে ৰাজ্যিক ঔষধ নিয়ন্ত্ৰক বিশ্বজিত তালুকদাৰে ৷ লগতে অনুজ্ঞাপত্ৰ বিহীন ফাৰ্মাচীক ঔষধ বিক্ৰী নকৰিবলৈও ড্ৰাগ ডিলাৰ সমুহক অনুৰোধ জনালে ঔষধ নিয়ন্ত্ৰক গৰাকীয়ে । আনহাতে অবৈধ ফাৰ্মাচীৰ বিৰুদ্ধে জিলা প্ৰশাসনৰ সহযোগত সময়ে সময়ে অভিযান চলোৱাৰ কথা উল্লেখ কৰিলে নগাঁও জিলা ঔষধ পৰিদৰ্শক শ্ববনম খাটনিয়াৰে ৷

 নগাঁও জিলা ঔষধ ব্যৱসায়ী সন্থাৰ ত্ৰি-বাৰ্ষিক অধিবেশন
মন্ত্ৰী অশোক সিংঘালে কিশোৰীক দিলে সংগীত চৰ্চাৰ বাবে তবলা-হাৰমনিয়াম

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in