
ডিজিটেল সংবাদ,নগাঁও :নগাঁৱৰ ছিলঙনীৰ আমতলাত ভূমি কেন্দ্ৰিক সংঘাত ৷ তিনি গৰাকী মহিলাসহ ছজনকৈ লোক আহত হয় ৷ আহত সকলক নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাই স্থানীয় ৰাইজে ৷
আহত সকল হৈছে দুলাল উদ্দিন,আম্বিয়া খাতুন,মনোৱাৰা বেগম,দিলদাৰ হুছেইন,জাহানাৰা খাতুন আৰু আনোৱাৰ হুছেইন ৷ লাল মিঞা নামৰ এজন লোকৰ বিৰুদ্ধে এই আক্ৰমণৰ অভিযোগ ৷ হাতে হাতে দা,লাঠি লৈ কেইবাজনীয়া দলে আক্ৰমণ চলোৱাৰ অভিযোগ ৷
এটা পথক কেন্দ্ৰ কৰিয়েই দুই পক্ষৰ সংঘাত হোৱা বুলি জানিব পৰা গৈছে ৷ ইপিনে আনটো ফৈদৰো কেইবাজনো লোক আঘাতপ্ৰাপ্ত হয় ৷ ঘটনা সন্দৰ্ভত হয়বৰগাঁও আৰক্ষী চকীত দুয়োপক্ষৰ এজাহাৰ দাখিল ৷
আৰু পঢ়ক: লামডিংত ব্যতিক্ৰমী সৰস্বতী পূজা