কচুৱা আমগুৰিৰ দুই সন্তানৰ মাতৃ নিৰুদ্দেশঃ পৰিয়ালে বিচাৰিছে ৰাইজৰ সহায়

নগাঁও জিলাৰ কচুৱা আৰক্ষী থানাৰ অধীনস্থ আমগুৰি গাঁৱৰ তাজবিনা খাতুন নামৰ দুই সন্তানৰ মাতৃগৰাকী বহিঃৰাজ্যলৈ যোৱাৰ সময়তে নিৰুদ্দেশ হোৱাত সৃষ্টি হৈছে চাঞ্চল্যৰ ।

author-image
Asomiya Pratidin
New Update
কচুৱা আমগুৰিৰ দুই সন্তানৰ মাতৃ নিৰুদ্দেশঃ পৰিয়ালে বিচাৰিছে ৰাইজৰ সহায়

ডিজিটেল সংবাদ, কামপুৰ: নগাঁও জিলাৰ কচুৱা আৰক্ষী থানাৰ অধীনস্থ আমগুৰি গাঁৱৰ তাজবিনা খাতুন নামৰ দুই সন্তানৰ মাতৃ নিৰুদ্দেশ হোৱাত সৃষ্টি হৈছে চাঞ্চল্যৰ ।জানিব পৰা মতে কৰ্মসূত্ৰে স্বামী-স্ত্ৰী দুয়োজনেই বহিঃৰাজ্যত কৰ্মৰত যদিও পত্নী ঈদৰ সময়ত ঘৰলৈ আহিছিল।

Advertisment

ঈদৰ দুদিন পিছত হোজাইৰ পৰা ৰেলযোগে কৰ্মস্থান তথা স্বামীৰ ওচৰলৈ গৈ থকা অৱস্থাতে যোগাযোগ বিচ্ছিন্ন পৰাত চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোকসকল।ইতিমধ্যে নিৰুদ্দেশ সন্দৰ্ভত কচুৱা আৰক্ষী থানাত লিখিত অভিযোগ দিছে যদিও বৰ্তমানলৈকে সন্ধান নোপোৱাত সংবাদমাধ্যমৰ কাষ চাপিছে পৰিয়ালৰ লোক।

উল্লেখযোগ্য যে পূৰ্বেও কেৰেলাৰ পৰা কচুৱাৰ আমগুৰিৰ নিজ ঘৰলৈ অহা যোৱা কৰিছে যদিও বৰ্তমান সন্ধান নোহোৱা হোৱাত কোনো অসাধু চক্ৰৰ কৱলত পৰাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকসকলে।কোনো সদাসয় লোকে সন্ধান পালে 8075593224 অথবা 93651 84086 নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ আহ্বান জনাইছে পৰিয়ালে।

নিৰুদ্দেশ কচুৱা