অবৈধ ফাৰ্মাচীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী সদৌ অসম পঞ্জীয়নভুক্ত ফাৰ্মাচী সন্থাৰ..

অবৈধ ফাৰ্মাচীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী সদৌ অসম পঞ্জীয়নভুক্ত ফাৰ্মাচী সন্থাৰ..

author-image
Asomiya Pratidin
New Update
অবৈধ ফাৰ্মাচীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী সদৌ অসম পঞ্জীয়নভুক্ত ফাৰ্মাচী সন্থাৰ..

ডিজিটেল সংবাদ,নগাঁও : নগাঁও জিলাত যে অসংখ্য অবৈধ ফাৰ্মাচী চলি আছে। ভুৱা আৰু অবৈধ ফাৰ্মাচীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীৰে মঙলবাৰে সদৌ অসম পঞ্জীয়নভুক্ত ফাৰ্মাচী সন্থা(আৰপুৰ) নগাঁও জিলা সমিতিয়ে জিলা ঔষধ পৰিদৰ্শকৰ হাতত এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

Advertisment

নগাঁও জিলা ঔষধ পৰিদৰ্শক শ্ববনম খাটনিয়াৰক স্মাৰক পত্ৰ প্ৰদান কৰি নগাঁও জিলাৰ আৰপুৰ সভাপতি আছিকুৰ ৰহমানে সাংবাদিকৰ আগত কয় যে, নগাঁও জিলাত অসংখ্য অবৈধ ফাৰ্মাচী আছে।ইয়াৰে সৰহ সংখ্যক জিলা খনৰ গ্ৰাম্যাঞ্চলত আছে যদিও কিছু সংখ্যক অবৈধ ফাৰ্মাচী চহৰ এলেকাতো আছে। তেওঁ কয়,"জিলা ঔষধ পৰিদৰ্শকে আমাক আশ্বাস দিছে অতি কম দিনৰ ভিতৰতে অবৈধ ফাৰ্মাচীৰ বিৰুদ্ধে অভিযান চলাব বুলি। সেয়েহে আমি অবৈধ ফাৰ্মাচীৰ গৰাকীক কৈছো আপোনালোকৰ কাউন্ট ডাউন আৰম্ভ হৈ গ'ল।

ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে স্বাস্থ্য মন্ত্ৰীক নগাঁও জিলাত গঢ়ি উঠা ভুৱা আৰু অবৈধ ফাৰ্মাচীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈও আহ্বান জনাইছে আৰপুৱে।

Also Read: এইবাৰ লক্ষ্য কেজৰিৱাল...