বিতৰ্কৰ অৱসান: মহাপুৰুষ মাধৱদেৱ নামাকৰণ কৰি নামফলকৰ শুভ উন্মোচন কামপুৰত

বিতৰ্কৰ অৱসান: মহাপুৰুষ মাধৱদেৱ নামাকৰণ কৰি নামফলকৰ শুভ উন্মোচন কামপুৰত

author-image
Asomiya Pratidin
New Update
বিতৰ্কৰ অৱসান: মহাপুৰুষ মাধৱদেৱ নামাকৰণ কৰি নামফলকৰ শুভ উন্মোচন কামপুৰত

ডিজিটেল সংবাদ, কামপুৰঃ বিতৰ্কৰ অৱসান ঘটাই কামপুৰ পৌৰ সভাৰ ২নং ৱাৰ্ডৰ এটা পথ মহাপুৰুষ মাধৱদেৱৰ নামাকৰণ কৰি সোমবাৰে নামফলকৰ শুভ উন্মোচন কৰে।উল্লেখ্য যে কিছুদিন পূৰ্বে কামপুৰ পৌৰসভাৰ ২নং মহলাৰ এন ই চি অফিচলৈ যোৱা পথটো  মহাপুৰুষ মাধৱদেৱৰ নামত নামকৰণ কৰি ফলক আৰিছিল পৌৰসভাই।

Advertisment

মহাপুৰুষজনাৰ নামত এটা পথ কামপুৰ পৌৰসভাই নামকৰণ কৰা কাৰ্যক আদৰণি জনাইছিল কামপুৰৰ বৌদ্ধিক মহলে। কিন্তু দুৰ্ভাগ্যজনক ভাৱে কোনো দুস্কৃতিকাৰীয়ে দুদিনপূৰ্বে মহাপুৰুষ মাধৱদেৱৰ নামেৰে নামাংকৃত কৰা নামফলক খন ৰং সানি মছি পেলোৱা পৰিলক্ষিত হৈ কামপুৰৰ সচেতন মহল উদ্বিগ্ন হৈ পৰে।

কোনো দুষ্ট চক্ৰই পৰিকল্পিতভাৱে মহাপুৰুষ জনাৰ নাম মছি পেলোৱা কাৰ্যক একেমুখে সকলোৱে ধিক্কাৰ দিয়ে। কামপুৰৰ কেইবাটাও দল সংগঠনে এক প্ৰতিবাদ সাব্যস্ত কৰি শীঘ্ৰে দোষীক কাৰায়ত্ব কৰি উপযুক্ত শাস্তি দিয়াৰ দাবী জনায়। এই প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈছিল কৃষক মুক্তি সংগ্ৰাম সমিতি প্ৰাক্তন ছাত্ৰ সমন্বয় ৰক্ষী সমিতিৰ সভাপতি ,কামপুৰ যুৱ সমাজ ,অসম গণ পৰিষদৰ আদিয়ে।

আজি পৌৰসভাই মহাপুৰুষ মাধৱদেৱৰ পথটোৰ নামকৰন কৰি ফলকখন নতুন কৈ নিৰ্মাণ কৰি কামপুৰৰ বিভিন্ন দল সংসঠানৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিতিত সমাজকৰ্মী দেৱেন বৰা আৰু জয়চন্দ্ৰ দাসে আনুস্থানিক ভাৱে ফলকখনৰ শুভ উন্মোচন কৰে।

আজিৰ এই আজিৰ এই কাৰ্যসূচীত অংশ লয় কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ৰাজু বৰা,নিলমনি শইকীয়া ,প্ৰাক্তন ছাত্ৰ সমন্বয় ৰক্ষী সমিতিৰ সভাপতি অমিয় কুমাৰ বৰা , অসম গণ পৰিষদৰ জেষ্ঠ্য নেতা  মাধৱ লস্কৰ প্ৰকৃতিবিদ ধৰনী শইকীয়াকে ধৰি কামপুৰ পৌৰসভাৰ উপ সভাপতি জয়ন্ত ফুকন ,পৌৰ ২নং ৱাৰ্ডৰ কমিচনাৰ মালবিকা বৰা ,বকুল নাথ আদিয়ে।