কচুৱা গাওঁ পঞ্চায়তত সভাপতি, ৱাৰ্ড সদস্যৰ মাজত যুঁজ অব্যাহত

নগাঁও জিলাৰ কঠীয়াতলী উন্নয়ন খণ্ডৰ কচুৱা পঞ্চায়তত দহজন ৱাৰ্ড সদস্য আৰু সভাপতি -সচিবৰ মাজত চলিছে অভিযোগ আৰু প্ৰতি-অভিযোগৰ যুঁজ

author-image
Asomiya Pratidin
New Update
কচুৱা গাওঁ পঞ্চায়তত সভাপতি, ৱাৰ্ড সদস্যৰ মাজত যুঁজ অব্যাহত

ডিজিটেল সংবাদ, কামপুৰঃ নগাঁও জিলাৰ কঠীয়াতলী উন্নয়ন খণ্ডৰ কচুৱা পঞ্চায়তত দহজন ৱাৰ্ড সদস্য আৰু সভাপতি -সচিবৰ মাজত চলিছে অভিযোগ আৰু প্ৰতি-অভিযোগৰ যুঁজ। পঞ্চায়ত খনৰ দহজন ৱাৰ্ড সদস্যই কঠীয়াতলী উন্নয়ন খণ্ডৰ বিষয়া ;ৰহা সমষ্টিৰ বিধায়ক আৰু কচুৱা পঞ্চায়তৰ সভাপতি আৰু সচিবৰ বিৰুদ্ধ গুৰুতৰ অভিযোগ আনিছিল সংবাদমাধ্যম যোগেৰে ।

Advertisment

উল্লেখ্য যে যোৱা ১৫ জুলাইত কচুৱা পঞ্চায়তৰ দহ গৰাকী ৱাৰ্ড সদস্যই এক সংবাদমেল অনুষ্ঠিত কৰি পঞ্চদশ বিত্ত আয়োগৰ অধীনত আবন্টিত প্ৰায় এক কোটি টকাৰ বহু আঁচনি কৰ্তন কৰি সভাপতি সচিৱ আৰু বি ডি অ শ্বেতা শৰ্মাই লুন্ঠন চলাইছে বুলি অভিযোগ কৰিছিল ৷ ইয়াৰ প্ৰত্যুত্তৰ হিচাপে বুধবাৰে সাংবাদ মাধ্যমৰ কাষ চাপে কচুৱা গাওঁ পঞ্চায়তৰ সভাপতি এহিয়া মোস্তাফা আৰু সচিৱ মানিক চন্দ্ৰ দাস ৷

দুয়োজন পঞ্চায়ত মুৰব্বীয়ে কয় যে তেওঁলোকে ৰাজহুৱা স্বাৰ্থজৰিত আঁচনি ধৰিছে, আৰু ৰূপায়ণো কৰি আছে ৷ ইফালে আজি একাংশ ৰাইজ পঞ্চায়ত কাৰ্যালয়ৰ সন্মুখত একত্ৰিত হৈ " দহজন ৱাৰ্ড সদস্য মুৰ্দাবাদ, সভাপতি চাহাব জিন্দাবাদ ধ্বনি দি ৱাৰ্ড সদস্য সকলক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷স্থানীয় ৰাইজে পঞ্চদশ বিত্ত আয়োগৰ আবন্টিত ধনৰ সদব্যৱহাৰ কৰিবলৈ পঞ্চায়ত প্ৰতিনিধি সকলক আহ্বান কৰিছে।

Also Read: ভিচা অবিহনেই ভাৰতীয়ই ভ্ৰমণ কৰিব পাৰিব ৫৭ দেশ, পাছপ'ৰ্ট ইনডেক্সত স্থান ৮০...