বানপানীৰ দায়িত্ব সামৰি অহাৰ পথত দুৰ্ঘটনাত পতিত এম্বুলেঞ্চ, আহত চিকিৎসক সহ ৪ জন

বানপানীৰ দায়িত্ব সামৰি অহাৰ পথত দুৰ্ঘটনাত পতিত এম্বুলেঞ্চ, আহত চিকিৎসক সহ ৪ জন

author-image
Asomiya Pratidin
New Update
ওড়িশাৰ অসম যাত্ৰী নিবাসত আৱদ্ধ অসমৰ ৩৮ গৰাকী তীৰ্থযাত্ৰী…

ডিজিটেল সংবাদ,কলিয়াবৰঃ কলিয়াবৰৰ হাতীগাঁৱত বৃহস্পতিবাৰে এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। বানপানীৰ দায়িত্ব সামৰি মিছাৰ পৰা জখলাবন্ধা অভিমুখে আহি থকা এখন এম্বুলেন্সে প্ৰচণ্ড জোৰে খুন্দা মাৰে এখন ট্ৰাকত। দুৰ্ঘটনাত চিকিৎসক উপেন্দ্ৰ কাকতিসহ ৪জন লোক আহত হয়।

Advertisment

চিকিৎসক কাকতিৰ অৱস্থা অতি সংকটজনক হৈ পৰাত তেওঁক ততাতৈয়াকৈ কলিয়াবৰ মহকুমা চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও তাৰ পৰা নগাঁৱৰ অন্তৰ্গত SIMS হাস্পতালত ভৰ্তি কৰে।

কাকতিৰ অৱস্থা অধিক গুৰুতৰ হৈ পৰাত তেওঁক পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী এপ’ল’ হাস্পতাললৈ প্ৰেৰণ কৰা হয়।বৰ্তমান এপ’ল’ হাস্পতালত ভৰ্তি হৈ আছে উপেন্দ্ৰ কাকতি। আনহাতে আৰ্থিকভাৱে দুৰ্বল কাকতিৰ পৰিয়ালটোৱে এই বিপদৰ সময়ছোৱাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সহায়ৰ বাবে কাতৰ অনুৰোধ জনাইছে।

উল্লেখ্য যে, ধাৰাসাৰৰ বৰষুণৰ ফলত মনিব নোৱাৰাৰ বাবে এই ঘটনাটো সংঘটিত হয়।

Also Read: সোনাৰী চাপৰিত এমাহে সন্ধানহীন দুই সন্তানৰ মাতৃ...

kaliyabar accident