/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/6b804429-5e14-4511-9036-35beb0e64cf2/rf.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱা শিক্ষা খণ্ডৰ অন্তৰ্গত ৯৯৯ নং কদমনি মোক্তাব বিদ্যালয়ত বৃহস্পতিবাৰে নিশা দুৰ্বৃত্তই উপদ্ৰৱ চলায়। দুস্কৃতিকাৰীয়ে নিৰ্মাণৰত পকী দেৱালৰ খুটা ভঙাৰ লগতে বিদ্যালয়ৰ গছ-গছনি কাটি খাস্তাং কৰি আচবাব লণ্ড ভণ্ড কৰে।
অভিযোগ মতে, বিদ্যালয়ৰ সন্মুখত দোকান দিয়া বিষয়ক লৈ এই উপদ্ৰৱ কৰাৰ সন্দেহ পৰিচালনা সমিতিৰ। বিদ্যালয়ৰ সন্মুখত দেৱাল নিৰ্মাণক লৈ পূৰ্বেও বাক বিতণ্ডা হৈছিল। ঘটনা সন্দৰ্ভত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি নজৰুল ইছলাম আৰু সম্পাদিকা তথা প্ৰধান শিক্ষয়িত্ৰী আফিয়া খাতুনে বটদ্ৰৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।
Also Read: নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দাঃ অকাল মৃত্যু লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ সম্পাদক স্বৰাজ শংকৰ গগৈৰ