কচুৱাত লজ্জাজনক ঘটনাঃ ৬৫ বছৰীয়া বৃদ্ধৰ কিশোৰীক ধৰ্ষণৰ অপচেষ্টা...

মানৱ সমাজক লজ্জানত কৰা এক বৰ্বৰ কাণ্ডই জোকাৰি গ'ল নগাঁৱৰ কচুৱা অঞ্চল

author-image
Asomiya Pratidin
New Update
কচুৱাত লজ্জাজনক ঘটনাঃ ৬৫ বছৰীয়া বৃদ্ধৰ কিশোৰীক ধৰ্ষণৰ অপচেষ্টা...

ডিজিটেল সংবাদ, নগাঁওঃ মানৱ সমাজক লজ্জানত কৰা এক বৰ্বৰ কাণ্ডই জোকাৰি গ'ল নগাঁৱৰ কচুৱা অঞ্চল ৷ সোমবাৰৰ নিশা কচুৱাৰ গেৰজাইপাম গাঁৱত সংঘটিত হয় এক লজ্জাজনক ঘটনা। এটা লম্পট বৃদ্ধৰ কু-কাণ্ডত অতিষ্ঠ হৈছে স্থানীয় ৰাইজ ৷

Advertisment

অভিযোগ মতে, অঞ্চলটোত ওচৰৰে পৰিয়ালৰ এঘৰত জন্মদিন খাবলৈ ওলাই গৈছিল কণমানি এহাল ভাই-ভনী ৷ পকী পথ পাৰ হ'ব ধৰোঁতেই স্থানীয় লম্পট চৰিত্ৰৰ নজৰুল ইছলাম নামৰ ৬৫ বছৰীয়া বৃদ্ধ লোকজনে ভাতৃক ঠেলি ৯বছৰীয়া কিশোৰীগৰাকীক মুখত সোঁপা দি অসৎ কামত লিপ্ত হোৱাৰ চেষ্ঠা চলায়৷

লম্পটটোৰ এই কাণ্ড দেখি কিশোৰটোয়ে দৌৰি গৈ 'ভন্টিক বুঢ়াটোয়ে লৈ গ'ল' বুলি পৰিয়ালৰ লোকক অৱগত কৰাত স্থানীয় বাসিন্দাসহ পৰিয়ালৰলোক উপস্থিত হৈ কিশোৰীগৰাকীক উদ্ধাৰ কৰে আৰু স্থানীয়লোকে লম্পটটোক কচুৱা থানাত ছমজাই দি কঠোৰ শাস্তিৰ দাবী জনায় ৷

Also Read: সাংসদ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে লখিমপুৰত গোচৰ...

Assam police