কচুৱা আদৰ্শ হাস্পতাল গৰ্ভৱতী মহিলাক ধন বিচাৰি মাৰপিটৰ অভিযোগ...

কচুৱা আদৰ্শ হাস্পতাল গৰ্ভৱতী মহিলাক ধন বিচাৰি মাৰপিটৰ অভিযোগ...

author-image
Asomiya Pratidin
New Update
কচুৱা আদৰ্শ হাস্পতাল গৰ্ভৱতী মহিলাক ধন বিচাৰি মাৰপিটৰ অভিযোগ...

কচুৱা আদৰ্শ হাস্পতাল গৰ্ভৱতী মহিলাক ধন বিচাৰি মাৰপিটৰ অভিযোগ...

ডিজিটেল সংবাদ কামপুৰঃ চিকিৎসালয় নে কচাই খানা? কচুৱাৰ আদৰ্শ চিকিৎসালয়ত বহু আজৱ ঘটনা ঘটাৰ অভিযোগ উঠিছে। অভিযোগ মতে এইখন চিকিৎসালয়ত সন্তান প্ৰসৱৰ সময়ত প্ৰসূতিক মাৰধৰ কৰে নাৰ্চে। লগতে সন্তান জন্ম হ'লে নাৰ্চক দিব লাগে ধন।

Advertisment

নগাওঁ জিলাৰ কচুৱাৰ, কচুৱা আদৰ্শ চিকিৎসালয়ত গৰ্ভৱতী মহিলাৰ সন্তান প্ৰসৱ কৰোৱাৰ নামত ধন বিচৰাৰ অভিযোগ উত্থাপিত হৈছে এগৰাকী নাৰ্চৰ বিৰুদ্ধে। উল্লেখ্য যে, ২ নং কচুৱাৰ শ্বাহীদ আহমেদ নামৰ লোকজনৰ গৰ্ভাৱতী পত্নীক যোৱা এঘাৰ অক্টোবৰত কচুৱা মডেল হাস্পতাললৈ লৈ আহে।

সেই সময়ত দায়িত্বত থকা চিকিৎসক বদৰুল ইছলামে মহিলাগৰাকীক প্ৰাথমিক চিকিৎসাৰ পিছত নাৰ্চ ৱাহিতা খাতুনৰ লগতে চিম্পি বৰা, দিচা সোনোৱালে মহিলা গৰাকীৰ সন্তান সন্তান প্ৰসৱ কৰোৱাই। কিন্তু সেই সময়তে মহিলাগৰাকীক মাৰপিট কৰাৰো অভিযোগ উঠিছে ।

মহিলাগৰাকীৰ পৰিয়ালে অভিযোগ কৰা অনুসৰি চিকিৎসালয়ত কৰ্মৰত ৱাহিদা খাতুন নামৰ এগৰাকী নাৰ্চে গৰ্ভৱতী মহিলাৰ পৰিয়ালৰ পৰা সন্তান প্ৰসৱ কৰোৱাৰ বাবদ পাঁচ হাজাৰ টকা বিচাৰে। উপায়হীন পৰিয়ালে ১ হাজাৰ টকা প্রদান কৰে যদিও এহাজাৰ টকাত অমান্তি হৈ পৰিয়ালক বিভিন্ন অশ্লীল ভাষাৰে গালি গালাজ দিয়ে বুলি অভিযোগ উত্থাপিত কৰিছে।

পিছে এই ঘটনা সংক্ৰান্তত কচুৱা মডেল হাস্পতালৰ অধীক্ষকক অভিযোগ দিয়ে যদিও আজি এসপ্তাহ পাৰ হৈ যোৱাৰ পিছতো কোনো সঁহাৰি নোপোৱাত আজি উপায়হীন মহিলাগৰাকীৰ স্বামী কচুৱা থানাত ওৱাহিদা খাতুন নামৰ নাৰ্চগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। লগতে তেওঁ কঠোৰ শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনাইছে।

ইফালে নাৰ্চ ওৱাহিদা খাতুনে এক হাজাৰ টকা লোৱাতো সাংবাদিকৰ আগত স্বীকাৰ কৰিছে।নাৰ্চগৰাকীয়ে জানিব দিয়া মতে কচুৱা আদৰ্শ চিকিৎসালয়ত গৰ্ভাৱতী গৰ্ভপাত কৰাৰ সময়ত কাষত নাথাকে চিকিৎসক। এই ঘটনা সম্পৰ্কত সাংবাদিকে সোধা প্ৰশ্নত তেওঁ ধন বিচৰা নাই বুলিও মন্তব্য কৰিছে।

Also Read: ধূপধৰাত গোৱালপাৰা জিলা কৃষি বিভাগৰ উদ্যোগত কাতি বিহু পালন...

কচুৱা আদৰ্শ হাস্পতাল