বটদ্ৰৱাত আন্তঃৰাষ্ট্ৰীয় সাক্ষৰতা দিৱস উদযাপন

জিলা আইন সেৱা প্ৰাধিকাৰী নগাঁৱৰ উদ্যোগত বটদ্ৰৱাত আন্তঃৰাষ্ট্ৰীয় সাক্ষৰতা দিৱস উদযাপন

author-image
Asomiya Pratidin
New Update
বটদ্ৰৱাত আন্তঃৰাষ্ট্ৰীয় সাক্ষৰতা দিৱস উদযাপন

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ সমগ্ৰ বিশ্বৰ লগতে নগাঁৱতো শুকুৰবাৰে সেৱা প্ৰাধিকাৰী নগাঁৱৰ উদ্যোগত বটদ্ৰৱা শ্ৰীশ্ৰী শঙ্কৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় সাক্ষৰতা দিৱস পালন কৰা হয়৷ আন্তঃৰাষ্ট্ৰীয় সাক্ষৰতা দিৱস উপলক্ষে অনুষ্ঠিত সভাত সভাপতিত্ব কৰে বিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত শিক্ষক তথা বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি উপেন চন্দ্ৰ কলিতাই। উদ্দেশ্য ব্যাখ্যা কৰে বিদ্যালয়ৰ অধ্যক্ষ অনিল শইকীয়াই।

Advertisment

অনুষ্ঠানত জিলা আইন সেৱা প্ৰাধিকাৰীৰ ডেপুটি লিগেল ড্ৰিফেঞ্চ কাউন্সিলৰ গীতাৰ্থ কমল শইকীয়াই সাক্ষৰতা দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ সন্মুখত সাবলীল বক্তব্য আগবঢ়াই। বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ উঃমাঃ বিদ্যালয়ৰ অন্যান্য শিক্ষকসকলৰ উপস্থিতিত সাক্ষৰতা দিৱসৰ তাৎপৰ্যৰ ওপৰত বিষদভাৱে ব্যাখ্যা আগবঢ়াই শিক্ষক গুণমনি কলিতাই।

শিক্ষাৰ্থী সকলক তেওঁলোকৰ আশে-পাশে থকা নিৰক্ষৰ লোকসকলক তথা আজিও বিদ্যালয়লৰ মুখ নেদেখাকৈ থকা যিসকল লোক সমাজত আছে সেইসকলক সাক্ষৰতাৰ ওপৰত সহায় সহযোগ কৰাটো ছাত্ৰ-ছাত্ৰীসকলৰ দায়িত্ব আৰু কৰ্তব্য বুলি উল্লেখ কৰে। বিদ্যালয়ৰ প্ৰায় ডেৰ শতাধিক ছাত্ৰ-ছাত্ৰীৰ লগতে জিলা আইন সেৱা প্ৰাধিকাৰীৰ কৰ্মকৰ্তা সকলৰ উপস্থিতিত সভাপতিৰ সাৰুৱা ভাষণেৰে সাক্ষৰতা দিৱসৰ কাৰ্যসূচীটিৰ সফল সামৰণি পৰে৷

Sri Sri Sankardev higher secondary school