কেচাসোণৰ বিপনী 'গামখাৰু'ৱে সম্পূৰ্ণ কৰিলে ২৪ টা বছৰ

কেচাসোণৰ বিপনী 'গামখাৰু'ৱে সম্পূৰ্ণ কৰিলে ২৪ টা বছৰ

ডিজিটেল সংবাদ,বেবেজীয়াঃ অসমীয়া জাতিৰ এক স্বাভিমান অসমীয়া গহণাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ মানসেৰে সম্প্ৰতি ২৪ বৰ্ষত পৰ্দাপৰ্ণ কৰা নগাঁৱৰ ৰণথলী নিবাসী প্ৰতিষ্ঠিত যুৱ ব্যৱসায়ী বিকাশ হাজৰিকাৰ নিজা প্ৰচেষ্টাত গঢ় লৈ উঠা “গামখাৰু” প্রতিষ্ঠানে বিগত বৰ্ষ সমূহৰ দৰেই এইবৰ্ষও গ্ৰাহকৰ বাবে এক বিশেষ সুযোগ আগবঢ়াইছে । সুদীৰ্ঘ ২৩ বছৰ ধৰি নগাঁৱৰ পৰিবহন নিগমৰ বাছ আস্থানৰ প্ৰাংগনত স্থায়ীভাৱে বিপনী মুকলি কৰা “গামখাৰু” প্রতিষ্ঠানৰ স্বত্বাধিকাৰী,উদ্যমী যুৱক,যুৱ প্ৰজন্মৰ বাবে এগৰাকী প্ৰেৰণা প্ৰতীক প্ৰতিষ্ঠিত ব্যৱসায়ী তথা নগাঁৱৰ যুৱ সমাজ কৰ্মী,সাংস্কৃতিক কৰ্মী বিকাশ হাজৰিকাই জানিবলৈ দিয়া অনুসৰি,গামখাৰু প্ৰতিষ্ঠানে আজি ২ ফেব্ৰুৱাৰীত ২৪ বৰ্ষপূৰ্তি উদযাপনৰ সময়তে প্রত্যেকটো অসমীয়া গহনাৰ ক্ষেত্ৰত ৪০ শতাংশ ৰেহাই মূল্যত লগতে অসমীয়া গহণাৰ যিকোনো চেটত প্রি-বুকিং কৰিলে এই বিশেষ সুবিধা লাভ কৰিব পাৰিব বুলি জানিব দিছে ৷

গামখাৰুৰ গুৱাহাটী, নগাঁও, লখিমপুৰ লগতে অনলাইনত ৯৮৬৪৫-৪৪২৯৮ আৰু ৭০০২৮-৩২৬৪৯ এই নম্বৰত হোৱাটছএপৰ যোগেদি বিশেষ ৰেহাই মূল্য সুবিধা গ্ৰহণৰ লগতে ২৪ তম বৰ্ষপূৰ্তি উপলক্ষে আয়োজিত উপহাৰ কোপনৰ জড়িয়তে গ্ৰাহক সকলে লাভ কৰিব পাৰিব কেইবাহাজাৰ টকাৰ আকৰ্ষণীয় অসমীয়া গহনা ৷

অন্যহাতে, ২ ফেব্ৰুৱাৰীত গামখাৰু প্ৰতিষ্ঠানে ২৪ বছৰত প্ৰৰ্দপণ কৰাৰ উপলক্ষে অসমীয়া গহনাৰ চেটৰ ক্ষেত্ৰত কেইবাটাও বিনামূলীয়া উপহাৰ প্ৰদানৰ দিহা কৰিছে বুলিও জানিব পৰা গৈছে ৷ এই বিনামূলীয়া উপহাৰ আৰু ৪০ শতাংশ ৰেহাইৰ বিশেষ সুজোগ সমূহ কেৱল ২ ফেব্ৰুৱাৰীৰ পৰা ৫ ফেব্ৰুৱাৰীলৈ মুকলি থাকিব বুলি গামখাৰু প্ৰতিষ্ঠানৰ স্বতাধিকাৰী বিকাশ হাজৰিকাই সংবাদ মাধ্যমৰ জড়িয়তে জানিব দিছে ৷

কেচাসোণৰ বিপনী 'গামখাৰু'ৱে সম্পূৰ্ণ কৰিলে ২৪ টা বছৰ
নৱম শ্ৰেণীত অধ্যয়নৰত শিক্ষাৰ্থীক চোৰাং চিকাৰী সজাই গ্ৰেপ্তাৰ আৰক্ষীৰ!

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in