কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ উদ্যোগত উদ্যমীৰ সমাৰোহ ২০২৪

কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ উদ্যোগত উদ্যমীৰ সমাৰোহ ২০২৪

ডিজিটেল সংবাদ, বটদ্ৰৱা: কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ উদ্যোগত বৃহস্পতিবাৰে দিনজোৰা কাৰ্যসূচীৰে উদ্যমীৰ সমাৰোহ(ENTREPRENEUR'S MEET)২০২৪, অনুষ্ঠিত হয়। নগাঁও জিলাৰ খাগৰিজান উন্নয়ন খণ্ডৰ অন্তৰ্গত শিমলুগুৰি স্থিত কৃষি বিজ্ঞান কেন্দ্ৰৰ চোতালত অনুষ্ঠিত হোৱা এই অনুষ্ঠানৰ আৰম্ভণি ভাষণ প্ৰদান কৰে কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ মুৰব্বী তথা প্ৰধান বিজ্ঞানী ড০ নিৰঞ্জন ডেকাই । তেওঁ কয় যে, "কৃষি ক্ষেত্ৰৰ লগত জড়িত ক্ৰেতা বিক্ৰেতা, সফল উদ্যমী সকলৰ বিশেষ যাত্ৰাত কেনেকুৱা অসুবিধা বা কেনেকৈ আগবাঢ়ি গৈছে এই বিষয়ে পৰ্যালোচনা কৰিবলৈ আমি একত্ৰিত হৈছো। বৰ্তমান সময়ত নিজেই নিজৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিব। এজন ব্যক্তি চাকৰি নাপালেও সফল হ'ব পাৰে। তাৰ উদাহৰণ বহুত। উদ্যমী সকল নিজেই স্বাৱলম্বীতাৰ উদাহৰণ নহয়, তেওঁলোকৰ পৰা সমাজৰ বহুজনে প্ৰেৰণা পায়।

কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ পশু বিজ্ঞান বিশেষজ্ঞ ড০ অনিমেশ ডেকাই আঁত ধৰা অনুষ্ঠানটিত উপস্থিত থাকি নগাঁও জিলা উন্নয়ন আয়ুক্ত গুণজিৎ কাশ্যপে কয় যে, "চাকৰি প্ৰতি দৌৰিবলৈ মই কেতিয়াও কাকো প্ৰেৰনা নিদিও। আমাৰ অসমত সম্ভাৱনা বহুত আছে, কিন্তু উদ্যোগী নাই। কিন্তু লাহে লাহে অসমৰ পৰিবৰ্তন হৈছে। অসমত উৎপাদিত জালুক, নেমু, ৰঙালাও, গোলাপ ফুল, নাৰ্জী ফুল, পদুম ফুল, চাহপাত বহু উচ্চ মানৰ বুলি প্ৰমাণিত হৈছে। এনেকুৱা সম্পদ সমূহ লৈ আমি উদ্যমী হিচাপে আগবঢ়ালে বহুত লাভ হ'ব। তেওঁলোকে সমাজক প্ৰভাৱান্বিত কৰে।

অনুষ্ঠানটিত নিমন্ত্ৰিত অতিথি ৰূপে অংশ গ্ৰহণ কৰি ডিমৰীয়া কলেজৰ প্ৰাণী বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক তথা ডেফদিল(Daffodil) নাৰ্ছাৰীৰ স্বতাধিকাৰী ড০ ধ্ৰুৱজ্যোতি শৰ্মাই কয় যে, "যি ব্যতিক্ৰমী চিন্তা ধাৰাৰে কাম কৰে। তেওঁ সফল হয়। উত্তৰ পূৱত মাত্ৰ গছপাত উৎপাদন কৰক, গছৰ পাত বিক্ৰী কৰিও হেজাৰ হেজাৰ টকা পাব পাৰি। চাকৰি কৰিলে অকল দৰমহাহে পোৱা যায়। মই দিনে ডেৰ লাখ টকা কৰ্মচাৰীক দিও। আমি আমগুৰি নামৰ এখন গাঁও চলাই আছো। ডেফদিলে ভাৰতৰ শ্ৰেষ্ঠ ১০ খন নাৰ্ছাৰীৰ ভিতৰত স্থান লাভ কৰিছে। এচিভমেন্ট পাবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব।"

আন এগৰাকী অতিথি তথা গ্ৰাম্য উন্নয়ন আৰু আত্মনিয়োগ প্ৰশিক্ষণ প্ৰতিষ্ঠান(Rural Development and Self Employment Training Institute)ৰ সঞ্চালক সঞ্জীৱ বৰকাকতীয়ে "টকা থাকিলেই সফল উদ্যমী হব নোৱাৰে, কামৰ ওপৰত জ্ঞান থাকিব লাগিব। সফল হ'বলৈ শিক্ষাগত চাৰ্টিফিকেটো নালাগে, দৃঢ়তা লাগিব" বুলি ভাষন প্ৰদান কৰে।

নগাঁও জিলা উদ্যোগ আৰু বানিজ্য কেন্দ্ৰৰ প্ৰৱন্ধক অৰূপ ভৰলী, কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ ভূমি বিজ্ঞান বিশেষজ্ঞ দ্বীপেন চন্দ্ৰ নাথ, পথাৰ শষ্য বিশেষজ্ঞা ড০ বন্তি গগৈ, উদ্যান শস্য বিশেষজ্ঞা জুলি শৰ্মা, পাম পৰিচালক শংকু মনি শৰ্মাকে আদি কৰি বিজ্ঞানী সকল, প্ৰগতিশীল কৃষক, উদ্যমী সকলৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানটিত মাণ্ডলিক গৱেষণা কেন্দ্ৰ চিলঙনীৰ প্ৰধান বিজ্ঞানী ড০ পবিত্ৰ বৰদলৈও ভাষন প্ৰদান কৰে। ছামগুৰিৰ উদ্যমী ৰেনু মহন্ত, গাৰ্গী গীতম বৰা, দক্ষিণপাটৰ আৰতি সুত, মৌপালনক নৱজ্যোতি নাথ, জৈৱিক কৃষিৰে বিখ্যাত সঞ্জীৱ গোস্বামী, ভৱ জ্যোতি নাথ, কেচুসাৰ ব্যৱসায়ী জুলাস সিং, ৰাজু বৰাকে আদি কৰি কেইবাগৰাকী উদ্যমীয়ে নিজৰ অনুভৱ ব্যক্ত কৰি আবেগিক হৈ পৰে। অনুষ্ঠানৰ লগত সংগতি ৰাখি উদ্যমী পুৰুষ, মহিলা সকলৰ উৎপাদিত থলুৱা খাদ্য সামগ্ৰী, বস্ত্ৰ, ফলমূল, শাক-পাচলি আৰু ঔষধি উদ্যানৰ প্ৰদৰ্শনীও অনু্ষ্ঠিত হয়। কৃষি অৰ্থনীতি বিভাগৰ বিষয়বস্তু বিশেষজ্ঞা ড০ চিংকি বৰ্মনে শলাগৰ শৰাই আগবঢ়োৱা অনুষ্ঠানটিৰ পূৰ্বে অনুষ্ঠানটিত অংশগ্ৰহন কৰা সকলো উদ্যমীক কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ তৰফৰ পৰা মানপত্ৰ আৰু উপহাৰ প্ৰদান কৰা হয়।

কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ উদ্যোগত উদ্যমীৰ সমাৰোহ ২০২৪
ঘৰত কুকুৰ ৰখাৰ আগতে পঢ়ক এই খবৰ: কেন্দ্ৰই নিষিদ্ধ কৰিলে ২৩ প্ৰজাতিৰ কুকুৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in