/asomiyapratidin/media/media_files/2025/05/10/6kjovqD1EGHUNSq8EfZE.jpg)
ডিজিটেল সংবাদ নগাওঁ: নগাঁও জিলাৰ ডুমডুমীয়া উধানতলাৰ জঘন্য হত্যা কাণ্ডৰ মূল মাষ্টাৰ মাইণ্ডক গ্ৰেপ্তাৰ কৰা হৈছে। জানিব পৰা মতে ডুমডুমীয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দিপজ্যোতি বৰুৱাৰ নেতৃত্বত চলা অভিযানত গ্ৰেপ্তাৰ হয় উধানতলা জঘন্য হত্যা কাণ্ডৰ মূল মাষ্টাৰ মাইণ্ড তথা হত্যাকাৰী আবু হানিফাক।
উল্লেখ্য যে, যোৱা ২ মে'ত উধানতলাত নিজ পত্নী ওৱাজিফা খাতুনক দিন দুপৰতে তালিবানি শাস্তি প্ৰদান কৰি পেট্ৰল ঢালি নৃশংস ভাবে জ্বলাই হত্যা কৰিছিল আবু হানিফাসহ কুলাংগাৰ পুত্ৰ আনাৰুল ইছলাম আৰু দেউৰেক আবু শ্বামাই। এই নৃশংস হত্যাকাণ্ড সংঘটিত কৰিয়েই পলায়ন কৰিছিল হত্যাকাৰী স্বামী আবু হানিফাসহ পুত্ৰ আৰু দেউৰেকে।
ঘটনা সংন্দৰ্ভত মাৰাথান তদন্ত কৰি ডুমডুমীয়া আৰক্ষীয়ে হত্যাকাণ্ডৰে জড়িত আবু হানিফক আজি গ্ৰেপ্তাৰ কৰে। ইফালে এই ঘটনাত জড়িত আন আন অভিযুক্তসকল বৰ্তমানেও পলাতক হৈ আছে।
হত্যাকাৰী আবু হানিফাক ইতিমধ্যে ডুমডুমীয়া আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।