/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/7b559cc0-c55e-4cb9-8d5e-6c93ce57680d/nagaon_sports.jpg)
ডিজিটেল সংবাদ,বেবেজীয়া : নগাঁও জিলা অনুসূচীত জাতি উন্নয়ন ব'ৰ্ডৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত খেলৰ সামগ্ৰী বিতৰণ । শনিবাৰে নগাঁও জিলাৰ দক্ষিণপাট উচ্চতৰ মাধ্যমিক বিদ্যালয়,বৰক’লা উচ্চতৰ মাধ্যমিক বিদ্যালয়,জাগীয়াল গালছ হাইস্কুল,বুঢ়াগোহাঁই সদাশিৱ হাইস্কুলৰ প্ৰায় ৫ শতাধিক ছাত্ৰ-ছাত্ৰীৰ মাজত খেলৰ সামগ্ৰী বিতৰণ কৰা হয় ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/bdcbe082-e62d-4a9f-ba92-3e759a9d6576/51020b2d_8b3f_4e0c_83e6_dd8e43dd9da3.jpg)
জিলা অনুসুচীত জাতি উন্নয়ন ব'ৰ্ডৰ তৰফৰ পৰা বিতৰণ কৰা এই খেলৰ সামগ্ৰীসমূহৰ একোটা কিটৰ মূল্য প্ৰায় ৩০০০ টকা বুলি জানিবলৈ দিয়ে ৷ অনুষ্ঠানত অনুসূচীত জাতি উন্নয়ন ব'ৰ্ড নগাঁৱৰ সদস্যসকলৰ লগতে বিদ্যালয়সমূহৰ প্ৰধান শিক্ষক,সহকাৰী শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/27af2c36-2a75-4c4e-8587-33a7fb3cccc7/0e95856e_847a_4744_aa79_f986372d2725.jpg)
অনুষ্ঠানটিত অনুসূচীত জাতি উন্নয়ন ব'ৰ্ডৰ অধ্যক্ষ নৰেন দাসে ভাষণ প্ৰসংগত ছাত্ৰ-ছাত্ৰীসকলক কঠোৰ অধ্যয়নশীলৰ লগতে ক্ৰীড়াৰ ক্ষেত্ৰতো সমান্তৰালভাৱে মনোনিৱেশ কৰিবলৈ আহ্বান জনায় ৷ জিলাখনৰ বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিতৰণ হ'বলগীয়া এই খেলৰ সামগ্ৰীসমূহ প্ৰায় ৬০০০ ছাত্ৰ-ছাত্ৰীৰ মাজত বিতৰণ কৰা হ'ব বুলি জনায় ৷
Also Read: কৰ্কট ৰোগ চিকিৎসাৰ বাবে সাহাৰ্য বিচাৰি চফিকুৰ ৰহমানৰ পৰিয়ালৰ কাতৰ অনুৰোধ