জাজৰিত সত্ৰীয়া নৃত্য আৰু আধুনিক নৃত্য কৰ্মশালাৰ সফল সামৰণি...

জাজৰিত সত্ৰীয়া নৃত্য আৰু আধুনিক নৃত্য কৰ্মশালাৰ সফল সামৰণি...

author-image
Asomiya Pratidin
New Update
জাজৰিত সত্ৰীয়া নৃত্য আৰু আধুনিক নৃত্য কৰ্মশালাৰ সফল সামৰণি...

জাজৰিত সত্ৰীয়া নৃত্য আৰু আধুনিক নৃত্য কৰ্মশালাৰ সফল সামৰণি...

ডিজিটেল সংবাদ বটদ্ৰৱা: "নৱপ্ৰজন্ম খেলা-ধুলা, লোক সংস্কৃতিৰ প্ৰতি তথা শিপাৰ সন্ধান কৰিবলৈ আগ্ৰহী। অত্যাধিক টিউচন, মোবাইল আদিত ব্যস্ত ৰাখি সন্তানক এক যন্ত্ৰলৈ ৰূপান্তৰিত নকৰিব।' – এই ভাষ্য হাতীচোং মহাবিদ্যালয়ৰ অধ্যক্ষ লুইত হাজৰিকাৰ।

Advertisment

নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত ১০ দিনীয়া সত্ৰীয়া নৃত্য আৰু সৃষ্টিশীল আধুনিক নৃত্য কৰ্মশালাৰ আজি সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ এইদৰে কয়। জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ৰাণা প্ৰকাশ বৰাৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানটিত বৰ্তমানৰ অধ্যক্ষা অঞ্জলি কটকী বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য আব্দুছ ছাত্তাৰ, আমিনুৰ ৰহমানৰ লগতে শতাধিক অভিভাৱক-অভিভাৱিকা উপস্থিত থাকে।

গুৰু ভটিমাৰে আৰম্ভ কৰা অনুষ্ঠানটিত মাটি আখৰাৰ উপৰি আধুনিক নৃত্য আৰু দলীয় লোক নৃত্যও প্ৰদৰ্শন কৰে প্ৰশিক্ষাৰ্থীসকলে। উল্লেখ্য যে, এই দহদিনীয়া কৰ্মশালাটিৰ প্ৰশিক্ষকৰ দায়িত্ব পালন কৰিছিল উদীয়মান শিল্পী তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰৰ পৰা সত্ৰীয়া নৃত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা ইন্দ্ৰানী গোস্বামীয়ে।

Also Read: কমনৱেলথ ভাৰত্তোলনত দুই অসম সন্তানৰ স্বৰ্ণ অৰ্জন...

সত্ৰীয়া নৃত্য