/asomiyapratidin/media/media_files/2025/08/25/1-2025-08-25-12-54-30.jpg)
ডিজিটেল সংবাদ,কচুৱাঃ নগাঁও জিলাৰ পাখিমূৰীয়া ব্লকৰ অন্ততৰ্গত মাধৱপাৰা মণ্ডল কংগ্ৰেছৰ সাংগঠনিক সভা অনুষ্ঠিত হয়। আগন্তুক ২০২৬ ৰ বিধান সভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি শাসকীয় দল বিজেপিৰ লগে লগে ককালত টঙালি বান্ধিছে কংগ্ৰেছেও।
আজিৰ এই সভাত উপস্থিত থাকে পাখিমূৰীয়া ব্লক কংগ্ৰেছৰ সভাপতি হেমন্ত দাস। ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নগাঁও জিলাৰ সাধাৰণ সম্পাদক ও ২০২৬ৰ প্ৰাৰ্থীত্ব প্ৰত্যাশি উৎপল বনিয়াই উপস্থিত থাকি ৰাইজক আগন্তুক হবলগীয়া ২০২৬ৰ বিধানসভাৰ নিৰ্বাচনত বিপুল ভোট দি জয়যুক্ত কৰিবলৈ আহ্বান জনায়।
অনুষ্ঠিত সভাত মাধৱপাৰা জিলা পৰিষদৰ সদস্য আব্দুল জব্বাৰ, মাধৱপাৰা পঞ্চায়তৰ আঞ্চলিক সদস্য আকতাৰুল ইছলাম, বি চি চি ৰ সদস্য দুলাল দেৱনাথ, ৰহা যুৱ কংগ্ৰেছৰ সম্পাদক মোজাহিদ ইছলাম,ৰহা সমষ্টিৰ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক,ফাৰুক আব্দুল্লাৰ লগতে কংগ্ৰেছ সমৰ্থনকাৰী সকল নতুনকৈ মাধৱপাৰা মণ্ডল কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত হয় আবুল কাচেম। সাম্প্ৰদায়িক দলৰ বিৰুদ্ধে ওলাই আহি ঐক্যবদ্ধ হৈ কংগ্ৰেছক ভোট প্ৰদান কৰিব লাগে বুলি ভাষন প্ৰদান কৰে।