ডিমৌ চৰ্দাৰ বল্লভভাই পেটেল মজলীয়া বিদ্যালয়ৰ শতবাৰ্ষিকীৰ সামৰণি অনুষ্ঠান...

নগাঁও জিলাৰ ডিমৌ চাৰিআলিত ১৮৯৭ চনত প্ৰতিষ্ঠা কৰা চৰ্দাৰ বল্লভভাই পেটেল মজলীয়া বিদ্যালয়ৰ শতবাৰ্ষিকী অনুষ্ঠানৰ সোমবাৰে দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়

author-image
Asomiya Pratidin
New Update
ডিমৌ চৰ্দাৰ বল্লভভাই পেটেল মজলীয়া বিদ্যালয়ৰ শতবাৰ্ষিকীৰ সামৰণি অনুষ্ঠান...

শতবাৰ্ষিকীৰ সামৰণি অনুষ্ঠান

ডিজিটেল সংবাদ, বেবেজীয়াঃ নগাঁও জিলাৰ ডিমৌ চাৰিআলিত ১৮৯৭ চনত প্ৰতিষ্ঠা কৰা চৰ্দাৰ বল্লভভাই পেটেল মজলীয়া বিদ্যালয়ৰ শতবাৰ্ষিকী অনুষ্ঠানৰ সোমবাৰে দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় । পুৱা ১২৬ বছৰত ভৰি দিয়া বিদ্যালয়খনৰ শত বাৰ্ষিকীৰ পতাকা উত্তোলন কৰে প্ৰাক্তন মন্ত্ৰী তথা উদযাপন সমিতিৰ সভাপতি উমেশ চন্দ্ৰ দাসে ।

Advertisment

ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসৰ লগতে অঞ্চলটোৰ বিশিষ্ট ব্যক্তি সকলে অংশগ্ৰহণ কৰা অনুষ্ঠানটোৰ পাছতে বৃহত্তৰ ডিমৌ অঞ্চলৰ ১৫০ গৰাকী বয়োজেষ্ঠ তথা বিশিষ্ট ব্যক্তি সকলক সম্বৰ্ধনা জনোৱা হয় ।

পতাকা উত্তোলন
পতাকা উত্তোলন

বিশেষকৈ বিশিষ্ট ব্যক্তি কৃষ্ণ মোহন শৰ্মা, অৱসৰপ্ৰাপ্ত অধ্যক্ষ পূৰ্ণানন্দ ৰাজা, সমাজকৰ্মী ভবেন্দ্ৰ বাগীশ, স্বাস্থ্য বিভাগৰ অৱসৰপ্ৰাপ্ত যুটীয়া সঞ্চালক ডাঃ কৃষ্ণ বৰা, ডাঃ ৰঞ্জন গোস্বামী, প্ৰবীণ শিল্পী গম্ভীৰ নাথ, বকুল দেউৰীকে ধৰি বৃহত্তৰ অঞ্চল টোৰ বিশিষ্ট ব্যক্তি সকলে অংশগ্ৰহণ কৰে । শ্বহীদ তৰ্পণ, বন্তি প্ৰজ্বলন, চৰ্দাৰ বল্লভভাই পেটেলৰ আৱক্ষ মূৰ্ত্তিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ অনুষ্ঠান অনুষ্ঠিত হয় ।

পুৱা ১০ বজাত বাৰে বৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে ডঃ অসীম কুমাৰ দাসে । বৃক্ষ ৰোপন কৰে যুৱ নেতা তথা ডুগডুগীৰ স্বত্বাধিকাৰী উৎপল বনিয়া । বিয়লি অনুষ্ঠিত হয় মুকলি সভা । উদযাপন সমিতিৰ সভাপতি উমেশ চন্দ্ৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত উদেশ্য ব্যাখ্যা কৰে সম্পাদক ললিত ডেকাই ।

বিশিষ্ট ব্যক্তিসকল
বিশিষ্ট ব্যক্তিসকল

ৰেৱ হাজৰিকা আৰু লক্ষ্য জ্যোতি বৰাই সভাৰ আঁত ধৰে । সভাখনত প্ৰাক্তন অধ্যক্ষ পুৰ্ণানন্দ ৰাজা, অধ্যাপক মোহিনী মোহন ডেকা, প্ৰাক্তন অধ্যক্ষ লক্ষী নাৰায়ণ শৰ্মা, বিশিষ্ট নাট্যকাৰ কৃষ্ণ মোহন শৰ্মা, প্ৰাক্তন প্ৰধান শিক্ষয়িত্ৰী ইৰালতা মেধি, সমাজ সংগঠক মণিৰাম বৰা, কেশৱ ৰাজা, প্ৰসন্ন কুমাৰ দেৱ নাথ, শিক্ষা বিভাগৰ সহ পৰিদৰ্শক লেখামনি হীৰা আদিয়ে অংশগ্ৰহণ কৰে ।

সভাত পংকজ ৰজা আৰু লক্ষ্য জ্যোতি বৰাই সম্পাদনা কৰা "ডিমৌজ্যোতি" উন্মোচন কৰে ৰহা মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ বেদ কুমাৰ চলিহাই । গীতাঞ্জলি দেৱী দাসে পৰিবেশন কৰা বৰগীতেৰে আৰম্ভ হোৱা সভাত কবিতা পাঠ কৰে কেশৱ ৰাজা, চহা কবি প্ৰভাত চন্দ্ৰ দাসে । নিশালৈ সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে ৰহাৰ বিধায়ক শশীকান্ত দাসে ।

Also Read: 'পুষ্পা-২'ৰ বাবে কিমান পাৰিশ্ৰমিক ল'লে আল্লু অৰ্জুনে ?

শতবাৰ্ষিকী অনুষ্ঠান