বতৰৰ পৰিৱৰ্তনঃ পথাৰত মেলিছে চিৰাল ফাট, চিন্তিত কৃষক...

প্ৰচণ্ড গৰমে দহিছে সমগ্ৰ ৰাজ্য। সূৰ্য্যৰ প্ৰখৰ ৰদত চিৰাল ফাট দিছে ৰাজ্যৰ খেতিপথাৰ।

author-image
Asomiya Pratidin
New Update
বতৰৰ পৰিৱৰ্তনঃ পথাৰত মেলিছে চিৰাল ফাট, চিন্তিত কৃষক...

ডিজিটেল ডেস্কঃ প্ৰচণ্ড গৰমে দহিছে সমগ্ৰ ৰাজ্য। প্ৰখৰ ৰ'দত চিৰাল ফাট দিছে ৰাজ্যৰ খেতিপথাৰ। অসমৰ অন্যান্য প্ৰান্তৰ কৃষকৰ লগতে জামুগুৰিহাটৰ কৃষকৰ মাজতো এতিয়া হাহাকাৰ পৰিস্থিতি ।

Advertisment

পানীৰ অভাৱত কঠীয়া পাৰিব পৰা নাই কৃষক ৰাইজে । যি দুই এজন কৃষকে টেংকিত পানী কঢ়িয়াই কঠীয়া পাৰিছিল সেই কঠীয়াও এতিয়া পানীৰ অভাৱত মৰহিবলৈ ধৰিছে।

কৃষকৰ এই দুৰৱস্থাৰ সময়ত অঞ্চলটোত থকা অসমৰ অন্যতম সৰ্ববৃহৎ বৰদিকৰাই জলসিঞ্চন প্ৰকল্পও জামুগুৰিহাটৰ কৃষক ৰাইজক পথাৰত পানী যোগান ধৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে । বৃহত্তৰ নদুৱাৰ অঞ্চলৰ কৃষক ৰাইজৰ সুবিধাৰ্থে অঞ্চলটোৰ উত্তৰাঞ্চলৰ অসম-অৰুণাচল সীমান্তৰ চিজুচাৰ বৰদিকৰাই নদীত সত্তৰৰ দশকতে বৰদিকৰাই জলসিঞ্চন প্ৰকল্প স্থাপন কৰা হৈছিল যদিও এই প্ৰকল্পই কৃষক ৰাইজৰ দুৰ্যোগৰ সময়ত পানী যোগান ধৰিব পৰা নাই ।

স্থানীয় ৰাইজৰ অভিযোগ বৃহত্তৰ জামুগুৰিহাট অঞ্চলৰ ৰাইজৰ খেতিপথাৰৰ মাজেদি যোৱা বৰদিকৰাই জলসিঞ্চন প্ৰকল্পৰ বৃহৎ বৃহৎ নলা সমূহ এতিয়া হাবি জংঘলৰে ভৰি পৰিছে । খৰাং বতৰত কৃষকক পানী যোগান ধৰিব নোৱাৰা বৰদিকৰাই জলসিঞ্চন প্ৰকল্পই যেতিয়া খেতিপথাৰ বৰষুণৰ পানীৰে ওপচি থাকে তেতিয়া পানী এৰি দি কৃষকক হাৰা শাস্তি দিয়া বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে।

Also Read: বিদ্যুতৰ বিল বঢ়া নাইঃ শক্তিমন্ত্ৰী নন্দিতা গোৰ্লোছা

weather change