মধ্য ব্ৰহ্মপুত্ৰ উপত্যকা মণ্ডলৰ ৰবি বতৰৰ মাণ্ডলিক গৱেষণা আৰু সম্প্ৰসাৰণ পৰামৰ্শদাতা সমিতিৰ সভা

ড০ হিৰণ্য কুমাৰ বৰাই প্ৰতিকূল পৰিস্থিতিৰ লগত মোকাবিলা কৰিব পৰাকৈ উন্নত মানৰ শস্যৰ জাত উদ্ভাৱন আৰু নতুন, জলবায়ু সহনশীল প্ৰযুক্তি সমূহক কৃষকৰ কাষলৈ নিব পৰা প্ৰকল্প সমূহৰ বিষয়ে আলোচনা কৰে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ   অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত মাণ্ডলিক গৱেষণা কেন্দ্ৰ চিলঙনীত আজি মধ্য ব্ৰহ্মপুত্ৰ উপত্যকা মণ্ডলৰ ৰবি বতৰৰ মাণ্ডলিক গৱেষণা আৰু সম্প্ৰসাৰণ পৰামৰ্শদাতা সমিতিৰ সভা অনুষ্ঠিত হয়।

মধ্য মণ্ডলৰ যুটীয়া সঞ্চালক(কৃষি) ভৱানী কুমাৰ নাথৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ আৰম্ভণি ভাষন প্ৰদান কৰি মাণ্ডলিক গৱেষণা কেন্দ্ৰ চিলঙনীৰ মুখ্য বিজ্ঞানী ড০ হিৰণ্য কুমাৰ বৰাই প্ৰতিকূল পৰিস্থিতিৰ লগত মোকাবিলা কৰিব পৰাকৈ উন্নত মানৰ শস্যৰ জাত উদ্ভাৱন আৰু নতুন, জলবায়ু সহনশীল প্ৰযুক্তি সমূহক কৃষকৰ কাষলৈ নিব পৰা প্ৰকল্প সমূহৰ বিষয়ে আলোচনা কৰে।

লগতে আগন্তুক দিনত কৃষি উন্নয়ন আৰু উৎপাদন বৃদ্ধিৰ বাবে গ্ৰহণ কৰা প্ৰকল্প সমূহৰ বিষয়ে বিশ্লেষণ কৰে। বিগত বৰ্ষত মধ্য অসমৰ কৃষি ক্ষেত্ৰত হোৱা পৰিবৰ্তনৰ খতিয়ানো তেওঁ দাঙি ধৰে।অনুষ্ঠানটিত অংশগ্ৰহণ কৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ সুৱল মাইবংছা, ৰহা মীন মহাবিদ্যালয়ৰ বিজ্ঞানগুৰু ড০ প্ৰদীপ চন্দ্ৰ ভূঞা।

অনুষ্ঠানত উপস্থিত থাকি অসম কৃষি বিশ্ববিদ্যালয় সহযোগী সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড০ ৰঞ্জিত কুমাৰ সাউদে কয় যে, কৃষিত যান্ত্ৰিকতাৰ প্ৰয়োগৰ ফলত বৰ্তমান কৃষকৰ উন্নতি হৈছে। বিজ্ঞানী আৰু কৃষকে একেলগে কাম কৰিলে আৰ্থ সামাজিক অৱস্থাৰ উন্নতি হব।

সভাত মাণ্ডলিক গৱেষণা কেন্দ্ৰ চিলঙনীৰ পতংগৰ বিভাগৰ বিজ্ঞানী ড০ ৰুদ্ৰ নাৰায়ণ বৰকাকতি, বতৰ বিজ্ঞানী ড০ নৱজ্যোতি ডেকা অশ লয়। এই সভাতে সৰ্বভাৰতীয় সমন্বিত টৰিয়া, সৰিয়হ প্ৰকল্পৰ সৌজন্যত আৰু মাণ্ডলিক গৱেষণা কেন্দ্ৰ চিলঙনীৰ দ্বাৰা প্ৰকাশিত "অসমত সৰিয়হৰ বেমাৰ আজাৰৰ নিয়ন্ত্ৰণ কৌশল", "অসমত তৈলবীজ শস্যৰ বাণিজ্যিক কৃষি", "সৰিয়হ জাতীয় শস্যৰ কৃষি ব্যৱস্থাপনাঃ মধ্য অসমত ইয়াৰ গুৰুত্ব", "তৈলবীজ শস্যত প্ৰাকৃতিক কৃষিৰ প্ৰয়োজনীয়তা" শীৰ্ষক চাৰিখন কৃষকৰ কাৰিকৰী পুস্তিকা(বুলেটিন) উন্মোচন কৰা হয়।

ড০ ৰঞ্জনা চক্ৰবৰ্তীয়ে আঁত ধৰা অনুষ্ঠানটিত মাণ্ডলিক গৱেষণা কেন্দ্ৰ চিলঙনীৰ বিজ্ঞানী সকল, নগাঁও, মৰিগাঁও আৰু হোজাই এই তিনিখন জিলাৰ কৃষি, জলসিঞ্চন, মীণ, পশুপালন আদি বিভাগৰ বিষয়া কৰ্মচাৰীসকল, কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁও, মৰিগাঁৱৰ বিশেষজ্ঞ, বিজ্ঞানী সকল,  উদ্যমী, প্ৰগতিশীল কৃষক, কৃষক উৎপাদক কোম্পানী, কৃষক উৎপাদক সংগঠনকে আদি কৰি শতাধিক লোক উপস্থিত থাকে।

অনুষ্ঠানটিৰ শেষত শলাগৰ শৰাই প্ৰদান কৰে মাণ্ডলিক গৱেষণা কেন্দ্ৰ চিলঙনীৰ প্ৰধান বিজ্ঞানী ড০ নিৰঞ্জন ডেকাই। পাছত অনুষ্ঠিত সম্প্ৰসাৰণ শিক্ষা বিষয়ৰ কাৰিকৰী সত্ৰত নগাঁও জিলা কৃষি বিষয়া নিখিল নাৰায়ণ বৰুৱা, কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ মূৰব্বী ড০ ভবেশ চন্দ্ৰ ডেকা, কৃষি বিজ্ঞান কেন্দ্ৰ মৰিগাঁৱৰ মূৰব্বী ড০ ৰিজুস্মৃতা শৰ্মাকে আদি কৰি কেইবাগৰাকী ব্যক্তিয়ে ভাষণ প্ৰদান কৰে। বিয়লি গৱেষণা বিষয়ৰ দ্বিতীয় কাৰিকৰী সত্ৰতো কৃষি আৰু আনুসাংগিক বিভিন্ন বিষয়ৰ আলোচনা আৰু মত বিনিময় কৰা হয়।

অসম কৃষি বিশ্ববিদ্যালয়