কচুপিটত গৰু চোৰৰ উপদ্ৰপ: মূৰে, কপালে হাত দিছে কৃষকে...

কচুপিটত গৰু চোৰৰ উপদ্ৰপ: মূৰে, কপালে হাত দিছে কৃষকে...
কচুপিটত গৰু চোৰৰ উপদ্ৰপ: মূৰে, কপালে হাত দিছে কৃষকে...

ডিজিটেল সংবাদ বেবেজীয়া: নগাঁও সদৰ আৰক্ষী থানাৰ অন্তৰ্গত বেবেজীয়াৰ নিকটৱৰ্তী কচুপিট অঞ্চলত আজি কিছু দিন ধৰি গৰু চোৰৰ উপদ্ৰপ বৃদ্ধি পাই আহিছে। যোৱা নিশাও কছুপিটৰ থানেশ্বৰ নাথ আৰু পুস্প নাথৰ ঘৰৰ বলধ গৰু চোৰে চুৰ কৰি নিয়ে।

আৰ্থিক ভাৱে দূৰ্বল এই লোক দুজনৰ বলধ গৰু চুৰি হোৱাত এতিয়া দুইজন লোকৰ ঘৰত হাহাকাৰৰ সৃষ্টি হৈছে। এতিয়া খেতি কৰাৰ বতৰৰ সময়ত এনেদৰে লোক দুজনৰ ঘৰৰ গৰু চুৰি হোৱাত লোক দুজনৰ পৰিয়ালে মূৰে কপালে হাত দিব লগা হৈছে।

স্থানীয় লোকে অঞ্চলটোত হৈ থকা গৰু চুৰি কাৰ্য ৰোধ কৰিবলৈ নগাঁও আৰক্ষী প্ৰশাসনক আহবান জনাইছে।

কচুপিটত গৰু চোৰৰ উপদ্ৰপ: মূৰে, কপালে হাত দিছে কৃষকে...
ফূৰ্তি নকৰিবঃ দেশৰ ভিতৰত প্ৰথম, বিশ্বৰ ভিতৰত নৱম স্থানত গুৱাহাটী...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in