
ডিজিটেল সংবাদ , নগাঁও : নগাঁও কলেজ (অট’নমাচ) ৰ এন.এছ.এছ গোটৰ উদ্যোগত মঙলবাৰৰ পৰা নগাঁৱৰ বেবেজিয়াস্থিত বাংথাই আৰু জলময় গাঁৱত সাতদিনীয়াকৈ বিশেষ শিবিৰ আৰম্ভ হয়। আজি শিশু দিৱসৰ লগত সংগতি ৰাখি এন.এছ.এছ, অসমীয়া বিভাগ আৰু নগাঁৱৰ ‘ৱান জেনেৰেচন’ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত এই শিবিৰত জলময় গাঁও চৰকাৰী নিম্ন বুনিয়াদী প্ৰাথমিক বিদ্যালয় আৰু ডিমৌৰ পণ্ডিত কমলাকান্ত বৰদলৈ প্ৰাথমিক বিদ্যালয়ৰ কণ কণ ছাত্ৰীৰ মাজত সাধু কথাৰ পুথি বিতৰণ কৰা হয়।
সাতদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া এই শিবিৰত এন.এছ.এছৰ সদস্যসকলে বিশেষভাৱে গাঁও দুখনত আৰ্থ সামাজিক জৰীপ, ডিজিটেল স্বাক্ষৰতা, পচক' (POSCO) আইনৰ সজাগতাৰ বিষয়ে বিশেষ কাৰ্যসূচী হাতত লৈছে। এন.এছ.এছৰ কাৰ্যসূচী বিষয়া ড০ ভুবন চন্দ্ৰ চুতীয়াই গ্ৰন্থ বিতৰণ অনুষ্ঠানৰ আঁত ধৰাৰ লগতে শিশু দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰি গ্ৰন্থ অধ্যয়নৰ গুৰুত্বৰ কথা অৱগত কৰে।
লগতে ডিজিটেল স্বাক্ষৰতাৰ প্ৰয়োজনীয়তাৰ কথাও অৱগত কৰে। নগাঁও কলেজৰ ছাত্ৰ-ছাত্ৰীসকলে লোৱা এই পদক্ষেপক কলেজৰ অধ্যক্ষ ড০ শৰৎ বৰকটকীয়ে প্ৰশংসা কৰে। সহকাৰী কাৰ্যসূচী বিষয়া ড০ মানস জ্যোতি নিৰ্মলীয়াই অসমীয়া পাঠকৰ সংখ্যা বৃদ্ধিয়ে ভাষাটোক কেনেদৰে সমৃদ্ধ কৰিব আৰু পাঠকৰ অধ্যয়ন স্পৃহা বৃদ্ধি হ’ব সেই সম্পৰ্কে উল্লেখ কৰে।
নগাঁও কলেজৰ ছাত্ৰ ভৱসিন্ধু বৰঠাকুৰে দুয়োখন বিদ্যালয়তে ডিজিটেল স্বাক্ষৰতা আৰু পচক' ( POSCO) আইন সম্পৰ্কে বিশদভাৱে আলোচনা আগবঢ়ায়। আজিৰ এই অনুষ্ঠানত বিদ্যালয় দুখনৰ প্ৰধান শিক্ষয়ত্ৰিকে ধৰি সহ শিক্ষক-শিক্ষয়ত্ৰী, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি, অভিভাবক আৰু এন এন এছ ৰ সমূহ সদস্য ই অংশগ্ৰহণ কৰে।