/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/de3e9c4d-199f-46ce-9a91-4fad7b7e6486/jj.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বটদ্ৰৱাৰ সোনাই নৈ উত্তৰ আঞ্চলিক সৌৰভ শাখা সাহিত্য সভাৰ উদ্যোগত আজি পহিলা বহাগত 'নিজৰ দিন' হিচাপে উদযাপন কৰা হয়। প্ৰতি বছৰে অসম সাহিত্য সভাই পহিলা ব'হাগৰ দিনটো 'নিজৰ দিন' হিচাপে পালন কৰি আহিছে।
'নিজৰ দিন' উপলক্ষে ৰাইডঙীয়াৰ সৌৰভ শাখা সাহিত্য সভা ভৱনৰ চোতালত অঞ্চলৰ জেষ্ঠ কনিষ্ঠ সকলৰ উপস্থিতিত উখল-মাখল পৰিৱেশৰ সৃষ্টি হয়। সৌৰভ শাখা সাহিত্য সভাৰ সভাপতি দিলীপ কুমাৰ বৰা আৰু সম্পাদক কবিন পাটৰে আঁত ধৰা কাৰ্যসূচীত জেষ্ঠ সকলক বিহুৱান সম্বৰ্ধনা পত্রৰে সেৱা ধৰাৰ পাছত তিৱা খ্ৰাংচি মিচাৱা(কাহী নৃত্য), জেং বিহু আদি বিভিন্ন সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত অসম সাহিত্য সভাৰ আজীৱন সদস্য লাচিত বৰদলৈ, বিকাশ সংগঠনৰ প্ৰধান সম্পাদক শংকৰ জ্যোতি শৰ্মা, ৰেনেচা জুনিয়ৰ কলেজৰ অধ্যক্ষ বিচিত্ৰ নাৰায়ণ শইকীয়াকে আদি কৰি শতাধিক লোক উপস্থিত থাকে।
Also Read: ২৪ কেৰেট সোনৰ দৰেই মোডীৰ গেৰান্টীঃ কি কি আছে বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত? জানক...