/asomiyapratidin/media/media_files/2025/09/29/1-2025-09-29-21-35-24.jpg)
ডিজিটেল সংবাদ, উৰিয়া গাঁও: সোমবাৰে ৰাজ্যজুৰি অনুষ্ঠিত হৈছে হিয়াৰ আমঠু তথা মৰমৰ শিল্পী জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ। ৰাজ্যৰ অনান্য প্ৰান্তৰ লগতে নগাঁৱৰ উৰিয়াগাঁৱতো শিল্পী গৰাকীৰ আদ্যশ্ৰাদ্ধৰ লগত সংগতি ৰাখি আয়োজন কৰা হ’ল ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ লগতে আয়োজন কৰা হৈছে তিনিদিনীয়া অবিৰত ভাগৱত পাঠৰ কাৰ্যসূচীৰ।
সদৌ অসম সূত সন্মিলনৰ উদ্যোগত আৰু নগাঁও জিলা সূত সন্মিলন,মহিলা আৰু ছাত্ৰ সন্থাৰ ব্যৱস্থাপনাত উৰিয়াগাঁৱৰ নিকামূল সত্ৰ প্ৰাঙ্গণত আয়োজন কৰা হৈছে এই কাৰ্যসূচীৰ ৷ সোমবাৰে পুৱা ধৰ্মধ্বজা উত্তোলনেৰে অনুষ্ঠানৰ আৰম্ভ হয়।
নাম প্ৰসংগৰ লগতে অহা এক অক্টোবৰলৈকে কৰা হ’ব অবিৰত ভাগৱত পাঠ। এই অনুষ্ঠানৰ জৰিয়তে মৰমৰ শিল্পী গৰাকীৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শিল্পী গৰাকীৰ মৃ্ত্যুৰ বাবে দায়ী সকলৰ উচিত শাস্তিৰো দাবী কৰে উদ্যোক্তা সমিতিয়ে।