নগাঁও জিলা সাহিত্য সভাৰ উপদেষ্টা ভৱেশ মেধিৰ দেহাৱসান

অসম সাহিত্য সভাৰ সংগঠন শক্তিশালী কৰাত বিশেষ ভূমিকা লোৱা মেধিৰ মৃত্যুত নগাঁও জিলা সাহিত্য সভাৰ সভাপতি ড০ শৰৎ বৰকটকী আৰু সম্পাদক ৰাজীৱ কুমাৰ হাজৰিকাই গভীৰ শোক প্ৰকাশ কৰে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, নগাঁওঃ   নগাঁও জিলা সাহিত্য সভাৰ উপদেষ্টা, প্ৰাক্তন উপ সভাপতি, অসম সাহিত্য সভাৰ একনিষ্ঠ সেৱক, লেখক ভৱেশ মেধি সোমবাৰে নিশা গুৱাহাটীৰ নেমকেয়াৰ চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে। ৮৩ বছৰীয়া মেধিয়ে দুখন গ্ৰন্থ আৰু শতাধিক সমাজক সচেতন কৰা প্ৰৱন্ধ লিখি থৈ অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে।

Advertisment

অসম সাহিত্য সভাৰ সংগঠন শক্তিশালী কৰাত বিশেষ ভূমিকা লোৱা মেধিৰ মৃত্যুত নগাঁও জিলা সাহিত্য সভাৰ সভাপতি ড০ শৰৎ বৰকটকী আৰু সম্পাদক ৰাজীৱ কুমাৰ হাজৰিকাই গভীৰ শোক প্ৰকাশ কৰে। নগাঁও জিলাৰ বৌদ্ধিক সমাজৰ বাবে অপূৰণীয় ক্ষতি বুলি অভিহিত কৰে।

নগাঁও জিলা সাহিত্য সভাই মেধিৰ বিদেহ আত্মাৰ চিৰ শান্তিৰ প্ৰাৰ্থনা জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। পুৱা মেধিৰ নশ্বৰদেহ জিলা সাহিত্য সভাৰ কাৰ্যালয়লৈ অনা হয় আৰু শেষ শ্ৰদ্ধা জ্ঞাপন কৰা হয়।

 জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক প্ৰীয়াঞ্চো শৰ্মাই আঁত ধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অসম সাহিত্য সভাৰ উপ সভাপতি পদুম ৰাজখোৱা, সাংগঠনিক সম্পাদক নিত্যনন্দ বৰা,অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য তথা প্ৰাক্তন জিলা সভাপতি থগিত মহন্ত আদিকে ধৰি সাহিত্য সভাৰ কৰ্মকৰ্তা সকলে ভাগ লয়।

মেধি জিলা পেঞ্চনাৰ সংস্থাৰ সভাপতিৰ দায়িত্বত আছিল। জিলা পেঞ্চনাৰ সংস্থাৰ বিষয়ববীয়া সকলেও শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। মৃত্যুৰ সময়ত মেধিই পত্নীৰ উপৰিও এগৰাকী পুত্ৰ,এগৰাকী জীয়াৰী,বোৱাৰী,নাতিনী এৰি থৈ গৈছে।

নগাঁও