বেবেজীয়াত 'প্ৰগতি' ন্যাসৰ কাৰ্যালয় মুকলি

বেবেজীয়াত 'প্ৰগতি' ন্যাসৰ কাৰ্যালয় মুকলি

ডিজিটেল সংবাদ, বেবেজীয়াঃ দৰিদ্ৰ সীমাৰেখাৰ তলৰ গ্ৰামাঞ্চলৰ মহিলা আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলক সহায়ৰ বাবে নগাঁৱত আগবাঢ়ি আহিছে 'প্ৰগতি' নামৰ এটা ন্যাস । এই ন্যাসৰ পুঁজিৰ পৰা বিপদগ্ৰস্ত বা ৰোগাক্ৰান্ত লোকসকলক প্ৰদান কৰিব ক্ষুদ্ৰ ঋণ । বছৰি মাত্ৰ ১৫ শতাংশ সুদৰ বিনিময়ত প্ৰতিষ্ঠানটোৰ পৰা আগবঢ়োৱা হ'ব ঋণ । এই উদ্দেশ্যৰেই গঠন কৰা ন্যাসটোৰ এটি কাৰ্যালয় দেওবাৰে নগাঁৱৰ বেবেজীয়াত মুকলি কৰা হয় ।

ন্যাসৰ সভাপতি গীতাঞ্জলি দাস আৰু সম্পাদক পৰীক্ষিত বৰাৰ উপস্থিতিত কাৰ্যালয়টো মুকলি কৰে সক্ৰিয় ৰাজহুৱা কৰ্মী অনিল বৰুৱাই। এই উপলক্ষে 'প্ৰগতি ন্যাস'ৰ কাৰ্যালয়ৰ সমীপতে এখনি সভাও অনুষ্ঠিত হয়। সভাখনত প্ৰগতি ন্যাসৰ সদস্যসকলৰ উপৰিও নগাঁও জিলাৰ পঞ্চাশৰো অধিক হিতাধিকাৰী আৰু কুৰিৰো অধিক স্থানীয় লোক উপস্থিত থাকে। আশানুৰূপভাৱে ৰাইজৰ সঁহাৰি লাভ কৰিলে এই ন্যাসৰ শাখা ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ সম্প্ৰসাৰিত কৰা হ'ব বুলিও জানিব পৰা গৈছে।

উল্লেখ্য যে,এই ন্যাসৰ পৰা ঋণ গ্ৰহণ কৰা প্ৰতিগৰাকী হিতাধিকাৰীয়েই একোখনকৈ পাছবুক লাভ কৰাৰ লগতে তেওঁলোকৰ ঋণৰ সুদৰ পৰা ৯ শতাংশ ধন হিতাধিকাৰীৰ একাউণ্টতেই জমা হৈ থাকিব। ঋণৰ ধন পৰিশোধৰ অন্তত হিতাধিকাৰীয়ে সেই ধনো ঘূৰাই পাব বুলি ন্যাস কৰ্তৃপক্ষই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে। ইয়াৰোপৰি এই প্ৰতিষ্ঠানটোৰ পৰা দৰিদ্ৰ মেধাৱী ছাত্ৰ-ছাত্ৰীৰ অধ্যয়নত সহায়ক হোৱাকৈ অৰ্হতাৰ ভিত্তিত 'শিক্ষা ঋণ' আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ ব্যৱসায় সম্প্ৰসাৰণৰ বাবেও ঋণ প্ৰদান কৰা হ'ব বুলিও জানিব পৰা গৈছে ।

বেবেজীয়াত 'প্ৰগতি' ন্যাসৰ কাৰ্যালয় মুকলি
মেৰাপানীত বিত্তমন্ত্ৰী অজন্তা নেওগৰ নিৰ্বাচনী প্ৰচাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in