ডিমৌত আয়ুস হস্পিতালৰ আধাৰশিলা স্থাপন

নগাওঁ জিলাৰ ফুলগুৰি ৰাজ্যিক চিকিৎসালয়ৰ অন্তৰ্গত ডিমৌ চাৰিআলিত চিকিৎসালয়ৰ চৌহদত সোমবাৰে এখন আয়ুস হস্পিতালৰ আধাৰশিলা স্থাপন কৰে স্থানীয় বিধায়ক শশীকান্ত দাসে ৷

author-image
Asomiya Pratidin
New Update
ডিমৌত আয়ুস হস্পিতালৰ আধাৰশিলা স্থাপন

ডিজিটেল সংবাদ, বেবেজীয়াঃ নগাওঁ জিলাৰ ফুলগুৰি ৰাজ্যিক চিকিৎসালয়ৰ অন্তৰ্গত ডিমৌ চাৰিআলিত চিকিৎসালয়ৰ চৌহদত সোমবাৰে এখন আয়ুস হস্পিতালৰ আধাৰশিলা স্থাপন কৰে স্থানীয় বিধায়ক শশীকান্ত দাসে ৷ আধাৰশিলা স্থাপন কৰি বিধায়ক গৰাকীয়ে কয় যে এই নতুন হস্পিতালতখনে বৃহত্তৰ অঞ্চলটোৰ স্বাস্থ্যসেৱাৰ ক্ষেত্ৰখন আৰু অধিক টনকিয়াল কৰিব ৷

Advertisment

তেওঁ ডিমৌ অঞ্চলত এখন আয়ুস হস্পিতাল আগবঢ়োৱাৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ প্ৰতি ধন্যবাদ জ্ঞাপন কৰে ৷ বহুমুখী স্বাস্থ্যকৰ্মী কল্যাণ কুমাৰ বৰাই আঁতধৰি আগবঢ়াই নিয়া অনুষ্ঠানটোত ৰাষ্ট্ৰীয় স্বাস্থ্য মিশ্যনৰ জিলা অভিযন্তা ভৃগু কুমাৰ বৰা ,ফুলগুৰি ৰাজ্যিক চিকিৎসালয়ৰ পৰিচালনা সমিতিৰ সভাপতি যতীন ডেকা, ডা° শ্বাদিকুল আমিন, ঠিকাদাৰ ফাৰুক হুছেইন , এবিপিএম বাবুল ভৰালী, পৰিচালনা সমিতিৰ সদস্য ৰাজীৱ দাস, গনেশ ডেকা , ৰঞ্জিত ৰাজা, সমাজকৰ্মী যাদৱ নাথকে ধৰি স্বাস্থ্যকৰ্মীসকল উপস্থিত থাকে ৷

Also Read: জখলাবন্ধাত প্ৰধানমন্ত্ৰীৰ পুত্তলিকা দাহৰে ৰাজপথ অৱৰোধ AJYCPৰ...

bebejiya ayush hospital sashi kanta das