নতুন দিল্লীত অনুষ্ঠিত আৰ্ট প্ৰতিযোগিতাত বেবেজীয়াৰ পৰিণীতা বৰাৰ সফলতা

নতুন দিল্লীত অনুষ্ঠিত আৰ্ট প্ৰতিযোগিতাত বেবেজীয়াৰ পৰিণীতা বৰাৰ সফলতা

author-image
Asomiya Pratidin
New Update
নতুন দিল্লীত অনুষ্ঠিত আৰ্ট প্ৰতিযোগিতাত বেবেজীয়াৰ পৰিণীতা  বৰাৰ  সফলতা

ডিজিটেল সংবাদ,বেবেজীয়া: নতুন দিল্লীত কলাঞ্জলি ভিচুৱেল আৰ্ট ষ্টুডিঅ'ই অনুষ্ঠিত কৰা এছটিটভা আৰ্ট প্ৰতিযোগিতাত নগাঁও জিলাৰ বেবেজীয়াৰ পৰিণীতা বৰাই সফলতা অৰ্জন কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। উল্লেখ্য যে ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা বহু প্ৰতিযোগীয়ে উক্ত আৰ্ট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল যদিও পৰিণীতা বৰাই অংশগ্ৰহণ কৰি সফলতা অৰ্জন কৰাৰ বাবে বেবেজীয়াবাসী ৰাইজ উৎফুল্লিত হৈ পৰিছে।

নগাঁও জিলাৰ বেবেজীয়া নিবাসী তথা বেবেজীয়া পণ্ডিত কনক শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ যাদৱ চন্দ্ৰ বৰাৰ দ্বিতীয় কন‌ন্যা তথা সাৰাংগ বৰাৰ পত্নী পৰিণীতা। উল্লেখ্যযোগ্য যে পৰিণীতা বৰাই পূৰ্বতে বেবেজীয়া শংকৰ-মাধৱ চিত্ৰ আৰু হস্ত কলা বিদ্যালয়ৰ শিক্ষয়িত্ৰী আছিল।

Also Read: ডাম্পাৰ আৰু স্কুটিৰ মুখামুখি সংঘৰ্ষত এজনৰ মৃত্যু