/asomiyapratidin/media/media_files/2025/11/15/1-2025-11-15-23-05-48.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱা: নগাঁও জিলাৰ শিমলুগুৰি বুঢ়া নামঘৰ সমিতি আৰু অকনিমেলৰ উদ্যোগত অকনিৰ সঞ্চয় আঁচনি আৰু অকনি মইনা পাৰিজাতৰ আজি শুভ উদ্বোধন অনুষ্ঠান অনুষ্ঠিত হয়। শিশু দিৱস উপলক্ষে অনুষ্ঠিত অনুষ্ঠানটিৰ আজি বিয়লি প্রথম কাৰ্যসূচী কনকন শিশু সকলে গায়ন বায়নৰ অনুষ্ঠান পৰিবেশন কৰে।
পাছত মাংগলিক কাৰ্যসূচীৰ মাজেৰে নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই অসমৰ প্ৰথমটো অকনিৰ সঞ্চয় আঁচনিৰ শুভ উদ্বোধন কৰে। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই "অকনিৰ সঞ্চয় আঁচনি আজি শুভ উদ্বোধন কৰিবলৈ পাই ধন্য বুলি মন্তব্য কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/15/whatsapp-2025-11-15-23-05-03.jpeg)
তেওঁ লগতে কয়, অসমৰ প্ৰতিখন গাঁও, প্ৰতিখন চুবুৰীত এনে ধৰণৰ সজ কাম সজ চিন্তা চৰ্চা চলিলে আমাৰ সমাজখন সুন্দৰ হৈ পৰিব। যিসকল ব্যক্তিৰ প্ৰচেষ্টাত এই ধৰনৰ সুন্দৰ কাৰ্যসূচী সম্পন্ন হৈছে, তেওঁলোকক মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো।
শিক্ষক, শিল্পী কৃষ্ণ কিঙ্কৰ খাটনিয়াৰে আঁত ধৰা অনুষ্ঠানটিত অংশগ্ৰহন কৰি নেমচি হস্পিতালৰ সঞ্চালক ডা০ জিয়াউল হকে "মোৰ জীৱনকালত এনেধৰণৰ ব্যবস্থা কতো দেখা নাই, এই ব্যতিক্ৰমী চিন্তা ধাৰাক মই শলাগ লৈছো। অসমৰ প্ৰতিখন অঞ্চলত এনে ব্যৱস্থা হওঁক, সমাজ সুন্দৰ হব বুলি প্ৰকাশ কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/15/whatsapp-2025-11-15-23-05-36.jpeg)
অনুষ্ঠানটিত সদৌ অসম মইনা পাৰিজাতৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক, বিপুল বৰাই "অকনি মইনা পাৰিজাত, শিমলুগুৰি" শুভ উদ্বোধন কৰে। পাছত ভাষন প্ৰদান কৰি বিপুল বৰাই "আমি পোহৰ বিচাৰি যাওঁ। শিশুলকলৰ প্ৰতিভা বিকাশৰ মঞ্চ হওঁক এই মইনা পাৰিজাত" বুলি ভাষন প্ৰদান কৰে।
সাদিন প্ৰতিদিন গোষ্ঠীৰ সাংবাদিক দিব্যজ্যোতি বৰুৱা, সদৌ অসম মইনা পাৰিজাত, কাছমাৰী স্বৰ্ণ শাখা সাহিত্য সভাৰ সম্পাদক বসন্ত দুৱৰা, নগাঁও জিলা সমিতিৰ সম্পাদক শৰৎ মহন্তকে আদি কৰি কেইবাগৰাকী ব্যক্তিয়ে ভাষণ প্ৰদান কৰা অনুষ্ঠানটিত কৰ্কট ৰোগ বিশেষজ্ঞ ডা০ চৰফৰাজ আহমেদ, সমাজকৰ্মী দেৱ কান্ত ডেকা, পংকজ বৰা, দুৰ্গেশ্বৰ ৰাজবংশীকে আদি কৰি শতাধিক লোক উপস্থিত থাকে।
পণ্ডিত জৱাহৰলাল নেহৰু, সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ প্ৰতিছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে আৰম্ভ হোৱা অনুষ্ঠানটিত কনকন শিশু সকলে সমবেত সংগীত, অভিনয়, বক্তৃতা, নৃত্যৰে মুগ্ধ কৰি তোলে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us